Tuesday, September 2, 2014

ডি প্ৰবেবিলিটি আৱ মেকিং এ ৰাওন্দ ৰুটি

আই আই এমৰ প্ৰথম ক্লাচ – ৰাতিপুৱাই মেচত ইডলি-বড়া নাকে কাণে গুজি ক্লাছলৈ দৌৰ দিলোঁ –প্ৰথম দিনাই লেট হ’ব নোৱাৰি – তাতে শুনা মতে প্ৰফেচৰকেইজন যথেষ্ট ষ্ট্ৰিক – সময়মতে ক্লাছলৈ আহে –
পি জি পি অফিচে ঠিক কৰি দিয়া নিদিষ্ট আসনত বহি ক্লাছটোলৈ মন কৰিলোঁ- বেছিভাগেই অচিনাকি মুখ-
মুখত এটা মিঠা হাঁহি লৈ কিতাপৰ দমটোৰে সৈতে ছোৱালী এজনী আহি কাষৰ চিটটোত বহিলহি! অনুমান কৰিলোঁ মিনাক্ষীয়েই হ’ব, কালি নটিচ বৰ্ডত নাম দেখিছিলোঁৱেই ইতিমধ্যে-
ক্লাছ আৰম্ভ হ’বলৈ এতিয়াও আছে ৫ মিনিটমান – কথা পাতিবলৈ সেয়া অফুৰন্ত সময় -
ময়েই আৰম্ভ কৰিলোঁ কথাবাৰ্তা –
নিজৰ চিনাকিটো দি সুধিলোঁ - মিনাক্ষী ৰাইট??
হ্য় মিনাক্ষী, মুম্বাইৰপৰা!!
অ’হ৷ মই আকৌ তোমাক চেন্নাইৰ পৰা অহা বুলি ভাবিছিলোঁ – নামফলকত থকা মিনাক্ষীৰ উপাধি সুব্ৰমনিয়ান লৈ আঙুলিয়াই ক’লো মই৷
অ’হ৷ তামিলিয়ান কিন্তু মুম্বাইতে ডাঙৰ দীঘল হৈছোঁ - বহুতেই এই কথাটো সোধে মোক৷ এটা মিঠা হাঁহি বিৰিঙি উঠিল তাইৰ ওঁঠত৷ মনটো এনেই ভাল লাগি গ’ল- মাতটো মই ভৱাৰ দৰে টেংটেঙীয়া নহয় – মুম্বাই এফেক্ট চাগৈ-
বেয়া নহয় মনতে ভাবিলোঁ৷
অথচ কালি যেতিয়া আমাৰ ছেকছ’নৰ ল’ৰা -ছোৱালীৰ নামবিলাক নটিছ বৰ্ডত মাৰিছিল – দেখিলো মোৰ ৰোল নং ৮৯,চেকচন বি – নিজৰ নাম দেখাৰ পাছত প্ৰথম চকু মোৰ গৈছিল মোৰ কাষত কোন বহিব তাকে জানিবলৈ – দেখা পালো – ৰোল নম্বৰ ৮৮ – মোহন আনন্দ – “ তামিলিয়ানেই হ’ব চাগে – যোৱা দুটা বছৰৰ অভিজ্ঞতাৰে আজিকালি মানু্হৰ নামবিলাকৰপৰা মানুহজন ক’ৰ হয়, অনুমান কৰিব পৰা হৈছোগে” “যেনে উপাধিতো কাৰ,ৱাৰ,তাৰ আদিত শেষ হ’লে ধৰি লও মাৰাঠী হ’ব চাগে – উদাহৰণস্বৰূপে টেন্দুলকাৰ, গাভাস্কাৰ, সাৱাৰকাৰ, মংগেচকাৰ ইত্যাদি”৷ মনটো অলপ বেয়া লাগি গ’ল৷ এতিয়া মানে হিন্দীত কথা পতা বন্ধ মোৰ৷ এইবাৰ ৰোল নম্বৰ ৯০ লৈ চকু দিলোঁ৷ দেখিলোঁ - ৰোল নম্বৰ ৯০ মিনাক্ষী সুব্ৰমনিয়ান – হে হৰি! এইগৰাকীও দেখোন তামিলিয়ান
মনটো তেতিয়া পুৰাই বেয়া লাগি গ’ল – দুটা তামিলিয়ানৰ মাজত গোটেই ফাষ্ট ইয়েৰটো কটাব লাগিব – হিন্দীতো চাগৈ নকবই – তামিলত টেং টেংকৈ কথা পাতি থাকিব নিজৰ মাজত আৰু মই মাজতে চেনদুইচড৷ ৰাতিপুৱাই ৰুম পাওতে আহি দেখিছিলোঁ মোৰ ৰুমমেটটোও তামিলিয়ান৷ হিন্দী একোকে বুজি নাপায়৷ এতিয়া ক্লাছটো দুটা তামিলিয়ান – দূয়োকাষত - কি যে হ’ব আৰু দেই৷  ৰাতি ডিনাৰ কৰোঁতে অসমৰপৰাই অহা লগৰ ববিতা আৰু বহ্নিমানক সুধিলোঁ তাহাঁতৰ ছেকছন কি? ক’লে দুয়োটাৰে ছেকছন চি আৰু একেলগে দুয়োটা বহিব পাৰিব – মনটো বেয়া লাগি গ’ল – মোৰহে এনে হ’বলে পাইনে??
ৰাতি বিচনাত শুৱাৰ আগতেও তাকেই ভাবিলোঁ৷ এই মিনাক্ষী নামটো বৰ পুৰণিকলীয়া নিচিনা লাগিল – ভাবিলোঁ হ’ব চাগৈ একেবাৰে এজনী কনজাৰ্ভেটিভ পৰিয়ালৰ পৰা অহা ছোৱালী – কি যে বেড লাক৷ নিজকে নিজেই ক’লো ৷
মিনাক্ষীৰ কাষত প্ৰাপ্তি বহিব৷ দিল্লীৰ ছোৱালী – এচ আৰ চি চি ৰপৰা আহিছে৷ যোৱা ১ মাহে ফেচবুকত নতুন ক্লাছটোৰ কাৰণে খুলা গ্ৰুপটোত মাজে মাজে তাইক পষ্ট কৰা দেখিছিলোঁ৷ দেখনিয়াৰ ছোৱালী৷ দিল্লীৰ স্মাৰ্ট ছোৱালী টেগটো সুন্দৰকৈ বজাই ৰাখিছে৷ মনতে ভাবিলোঁ – ছেহ এই মিনাক্ষীজনী নহা হ’লে গোটেই ফাৰ্ষ্ট ইয়েৰটো তাই লগতেই বহিব পাৰিলোঁহেঁতেন - এনেবোৰ জল্পনা কল্পনা লৈয়ে টোপনি যাবলৈ চেষ্টা কৰিলোঁ - ফ’নত তেতিয়াও তামিলিয়ান ৰুমমেটে ঘৰৰ মানুহক দিনপঞ্জী শুনাই আছে- অনুমান কৰিলোঁ কেম্পাছৰ কথাই কৈছে চাগৈ,– আহিবলগীয়া দিনকেইটাৰ কথা ভাবিবলৈ আৰু সাহস নহ’ল -
আৰু আজি ক্লাছত মুখত এটা মিঠা হা্ঁহিৰে সৈতে এজনী বেলেগ মিনাক্ষী৷ কালি মই ভবা মিনাক্ষীতকৈ বহুতো বেলেগ৷ ক্লাছলৈ পৰিসংখ্যাৰ প্ৰফেচৰজন সুমাই আহিল৷ চি কে ৰাজু ৷ অভিজ্ঞতাৰে পুষ্ট এজন ৰসাল প্ৰফে চৰ ৷ছিনিয়ৰ বিলাকে তেওক ছপত্তি বাবা বুলি কয় – যিকোনো কথাৰ উদাহৰণ দিবলৈ ৰুতি বনোৱাৰ উদাহৰণ দিয়ে – আজিও ব্যতিক্ৰম নহ’ল – ক্লাছ আৰম্ভ হ’ল এটা প্ৰশ্নেৰে - প্ৰবেবিলিটি অফ মেকিং এ ৰাওন্দ ৰুতি ?? দক্ষিণ ভাৰতীয়, উত্তৰ ভাৰতীয়, বিবাহিত মহিলা, অবিবাহিত মহিলা, চাকৰি কৰা মহিলা আদিৰ চেম্পল লৈ ৰুতি বনোৱাক লৈ দীৰ্ঘ আলোচনা চলিল – ক্লাছত হাঁহিৰ ৰোল উঠিল –
দিল্লীৰপৰা অহা প্ৰথম শাৰীত বহা ল’ৰাজনে হাতখন দাঙি চাৰক সুধিলে – “ চাৰ, ফৰ এ নৰ্থ ইন্দিয়ান, ৱাট ইছ দি প্ৰবেবিলিটি অৱ লাইকিং ইডলি, ডোচা, চাম্বাৰ ??” – নামফলকখনলৈ চালোঁ – অনিৰুদ্ধ তাৰ নাম – হয়তো প্ৰথমবাৰলৈ আহিছে দক্ষিণ ভাৰতলৈ- মনত পৰিল আজি ৰাতিপুৱা ব্ৰেক-ফাষ্টত ইডলি-বড়া আছিল – বেচেৰালৈ সঁচাকৈয়ে বেয়া লাগিল-
গোটেই ক্লাছতে আকৌ হাঁহিৰ ৰোল উঠিল –
আচৰিত লাগিল – কি যে প্ৰশ্ন সুধিছে আৰু দেই -
প্ৰফেচৰৰ মাতত সম্বিত ঘুৰি আহিল –
  “ ০ – এটা ডাঙৰ শূন্য যদিহে তুমি হোষ্টেলৰ মেচত পোৱা ডোচা, ইডলিৰ কথা কৈছা” –
হাত তালিত গোটেই ক্লাছটো ৰজন জনাই গ’ল -
আনন্দ মোহনলৈ চালোঁ - ব্যস্ত নিজৰ জগতত – মই ভবাৰ দৰে মুঠেই নহয় – একদম ফ্ৰি আৰু হেল্পফুল ল’ৰা – মাজে মাজে গুনগুনাই গান গাইছে – কাৰনাটিক সংগীতত ৰাপ আছে, অথনি চিনাকি হওঁতে কৈছিল এই বিষয়ে- মই ভবাৰ নিচিনা মুঠেই নহয়, মনৰ ডাৱৰবিলাক আঁতৰিছে যেন লাহে লাহে - এইবাৰ মিনাক্ষীলৈ চালোঁ – একান্ত মনেৰে প্ৰফেচৰৰ কাহিনী শুনি গৈছে – মাজে মাজে নোটবুকখনত কিবা আক বাক কৰিছে – মাজে মাজে চকুত চকু পৰিলে হাঁহে – অনবৰতে ছোৱালীজনীৰ মুখত এটা মিঠা হাঁহি লাগি থাকে৷ আহ কি যে এক মিঠা হা্ঁহি – আজি ৰাতিপুৱা লগ কৰালৈকে এই কনজাৰ্ভেটিভ তামিলিয়ানৰ পৰা এনে হাঁহি পোৱাটো পৰ্বতত কাছ কণী বিচৰা সমান বুলিয়েই ভাবি আহিছিলোঁ – আৰু এতিয়া এই হা্ঁহি- যেন কিবা এটা আপোন আপোন কৰি ল’ব পৰা হাঁহি ৷ নিজকে সুধিলোঁ মই বাৰু প্ৰেমত পৰিলোঁ নেকি বাৰু ??? যদি সঁচাকৈয়ে পৰিলোঁ তেন্তে মিনাক্ষীৰ হাঁহিটোত নে? তাইৰ চকু জুৰিয়েও হাঁহেনেকি বাৰু?? আপুনা আপুনি চকু গ’ল তাইৰ ফালে – নাই নাচালে এইবাৰ মোৰ ফালে – তাই ব্যস্ত প্ৰফেচৰৰ নোটছ লিখাত, মাজে মাজে লিখি থাকোঁতে আগফালে হাওলি পৰা চুলিকেইডাল আঁতৰাই আকৌ ডুব গৈছে নোটছ লিখাত – মিনাক্ষীয়ে নোটছ লিখা দেখি যেন মোৰ সম্বিত ঘুৰি আহিল - ধেইত কি কথা বাৰু ভাবিছোঁ – আমি ল’ৰাবিলাকে অলপতে বহুত দূৰলৈকে ভাবি লওঁ –এইবাৰ ক্লাছত মন দিবলৈ চেষ্টা কৰিলোঁ – চপত্তি চাৰৰ আলোচনা এতিয়াও চলিয়েই আছে -“দি প্ৰবেবিলিটি আব মেকিং এ ৰাওন্দ ৰুটি ”
কিন্তু মনৰ নিভৃত কোণত মই যেন শুনিছো – “ ডি প্ৰবেবিলিটি আৱ ফলিং ইন লাভ উইথ ডি ম’ষ্ট বিউটিফুল স্মাইল আই হেভ এভাৰ চিন ”–

আৰু সেয়া প্ৰফেচৰে যেন উত্তৰত কৈছে – ১, যদিহে সেয়া মিনাক্ষীৰ হাঁহিটো হয় -

Monday, September 1, 2014

জীৱন যু্দ্ধৰ এনাস্থেচিয়া ::


কেম্পাছত সময় শেষ হৈ আহিছে – আৰু মাথো এটা মাহ – তাৰ পাছতেই সকলো বেলেগ বেলেগ ঠাইলৈ যাবগৈ –

প্লেছমেন্ট ইতিমধ্যে শেষ হৈছে – সকলোৰে বাবে স্বস্তিৰ উশাহ লোৱা সময় – যোৱা ১৮ মাহে দিনে ৰাতিয়ে কৰা কষ্টৰ যেন অৱসান ঘটিছে -

হতাশ কৰে মোক – ইমান বিলাক টেলেন্টেড ল’ৰা ছোৱালী – আৰু সকলোৱে চিন্তা কৰে কেৱল এটা হাইলি পেইড জব পোৱাৰ – ক’ত ভাল আৰ্টিষ্ট আছে, ক’ত ভাল ডান্সাৰ আছে, লিখক আছে – কিন্তু কেৱল মাথো পইছা ঘটাৰ স্বপ্নই নিজৰ এই ভালপোৱা কামবিলাকত কিবা এটা কৰাৰ স্বপ্নক টেটু চেপি মাৰিছে-

 মিনাক্ষীয়ে পি পি অ পালে – এটা ইন্টাৰনেচনেল ইনভেষ্টমেন্ট বেংকত – কেম্পাছৰ ড্ৰিম জব – দৈনিক কমেও ১৫-১৬ ঘন্টা অফিচত দিব লাগিব – দৰকাৰ হ’লে কেতিয়াবা সেয়াও কম হয় -
কৈছিল মোকো এপ্লাই কৰিবলৈ - মন আছিল কিন্তু মই জানো মই নোৱাৰোঁ দিব ইমান সময় অফিচত – জীৱনৰ কাৰণেহে টকা, টকাৰ কাৰণে জীৱনটো নহয় – আৰু ইন্টাৰভিও যিহে এপ্লাই কৰা হলেও মই যে চাকৰিটো নাপালোঁহেঁতেন তাত মই এশ শতাংশই নিশ্চিত -

  সাধাৰণতে এনে বেংকবিলাকত যাৰ লগত অফিচত কাম কৰিব লাগে তেওঁলোকেই ইন্টাৰভিও লবলৈ আহে – সেয়েহে ইন্টাৰভিউত প্ৰাৰ্থীক বহুত সুক্ষ্মভাবে চালি জাৰি চায় যাতে নিজৰ টিমলৈ ভুল প্ৰাৰ্থীক বাচনি কৰা নহয় – মিনাক্ষীয়ে কৈছিল ইন্টাৰভিও লওঁতে হেনো ইন্টাৰভিও লোৱা ল’ৰাজনে তাইক কৈছিল – “মই মোৰ পত্নীৰ লগত যিমান সময় কটাম তাতকৈ বহুত বেছি সময় দৈনিক অফিচত তোমাৰ লগত কটাব লাগিব – গতিকে মই নিশ্চিত হ’ব লাগিব যে তোমাৰ সঁচাকৈয়ে ফাইনেন্সত ইন্টাৰেষ্ট আছে - 

 হাঁহি মাৰি কৈছিলোঁ – “ থেংকছ গড!! সি ইছ মেৰিড ” – হাঁহিটোত যেন বিষন্নতা আছিল তাই ঠিকেই ধৰিব পাৰিছিল -  আচৰিত হোৱা নাছিলোঁ – এনে কথা বহুতো শুনিছোঁ – ছিনিয়ৰ বহুতৰে ব্ৰেক আপ হোৱা দেখিছোঁ কেৰিয়াৰ আৰু ফেমিলিৰ মাজত হোৱা এনে তুমুল যুদ্ধত – বেছিভাগতে হৃদয়ে হাৰ মনা দেখিছোঁ – শুনাত একো নতুন কথা নহয় মোৰ বাবে – কিন্তু ভয় লাগে নিজৰ কথা ভাবি – ভৱিষ্যতৰ কথা ভাবি -

   কেমেৰাটো লৈ ওলাই গ’লো – বতৰতো ডাৱৰীয়া – বৰষুণ দিব পাৰে – জানুৱাৰী, ফেব্ৰুৱাৰী মাহত সাধাৰণতে কেৰালাত বৰষুণ নিদিয়ে – হয়তো আজিৰ বৰষুণ জাক কেম্পাছৰ শেষ বৰষুণ জাকো হ’ব পাৰে –আজি কেইখন মান ভাল ফ’ট তুলিব লাগিব –বৰষুণত কেম্পাছটো অপৰূপ দেখি - নিজকে ক’লো –“ আই এম গইং টো মিচ দিছ কেম্পাছ এ লট”

  একাডেমিক ব্লকৰ দীঘল কৰিডৰটোৱেদিয়েই বাট ল’লো – জুনিয়ৰ দুটা মানে কেছ-ষ্টাডি কৰি আছে – ব্যস্ত নিজৰ মাজতে পি পি টি বনোৱাত- বাহিৰৰ সুন্দৰ পৰিৱেশটোলৈ ভ্ৰূক্ষেপ নাই  - এবছৰৰ আগৰ নিজৰ কথা মনত পৰি গ’ল – আমিও টো এনেকুৱা ই আছিলোঁ – ভাল গ্ৰেড লাগে, ভাল চাকৰি লাগে আৰু ক’ত কি –
   লাইব্ৰেৰীত সুমাই চালোঁ – লগৰ কাকো কে দেখা নাপালোঁ – জুনিয়ৰ বিলাক পঢ়াত ব্যস্ত – বেটছ ট’পাৰ অঙ্কুৰe কোণত মেগাজিন পঢ়ি আছে – আচৰিত নহলোঁ– এনেয়েনো বেটছ ট’পাৰ হ’ব পাৰিছেনে – চকু আপুনা আপুনি গ’ল সেই নিদিষ্ট টেবুলখনলৈ – নাই তাত আজি মিনাক্ষী নাই – তাৰ সলনি জুনিয়ৰ দুটামানে পঢ়ি আছে – কিমান যে কথা পাতিছিলোঁ এই টেবুলতে – জুনিয়ৰ কেইটাৰো চাগৈ পঢ়াৰ মাজে মাজে কিমান কথাৰ চুপটি মৰা হৈছে – কেম্পাছৰ গৰম খবৰ, ছিনিয়ৰ বেটছ’ৰ খবৰ, প্লেছমেন্টৰ খবৰ আৰু ক’ত কি -

এদমিন ব্লক পাও গৈ মানে বৰষুণ পৰা আৰম্ভ হ’লেই – অৰুণলৈ ৱাটছ এপত মেছেজ কৰিলো এডমিন ব্লকলৈ আহিবলৈ – বহুত দিনৰেপৰা আমি বৰষুণ এজাকৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ – আজি আহিছে যেতিয়া এৰাত নাই -

অলপ পাছতেই বিজুলী-গাজনিৰে সৈতে ডাঙৰকে বৰষুণজাক আহিল – সোঁ-সোৱাই বতাহ বলিছে - বতাহত নাৰিকল গছৰ পাতবিলাক মুক্ত মনেৰে নাচিছে – সন্মুখৰ পাহাৰকেইটাও কুঁৱলীৰ আৱৰণত অদৃশ্য হৈ পৰিল- চাৰিওফালে কেৱল শুদ্ধ বগা কুঁৱলীৰ উৰনী – কেমেৰাটো হাতত লৈ ছাতাৰ স্পীড, আই এচ অ, এপাৰচাৰ ছেটিং কৰাত লাগিলোঁ – কেম্পাছৰ সৌন্দৰ্য্য ধৰি ৰখাৰ সুৱৰ্ণ সুযোগ এয়া- এৰি দিব নোৱাৰি –

অলপ সময়ৰ পাছতে অৰুণ আৰু বাকী লগৰ কেইটাও আহি পালেহি – সকলোৰে মনত উল্লাস – আহিয়েই বাহিৰৰ মুকলি দৰালৈ দৌৰি ওলাই গ’ল – বৰষুণত তিতিছে, নাচিছে, কাষৰ জমা হৈ পৰা পানী ডোঙাত জঁপিয়াইছে, বিভিন্ন ভঙ্গিমাত প’জ দিছে – আৰু মই মাথো কেমেৰাত আৱদ্ধ কৰি গৈছোঁ সেই দৃশ্যাৱলী – কালিলৈ হয়তো এই ফ’টকেইখন সিহঁতে ফেচবুকত আপলড কৰিব – কেম্পাছৰ সৌন্দৰ্য্যক লৈ বন্ধুৰপৰা বাহ বাহ বুটলিব – আৰু মই – সেয়াইতো মোৰ আনন্দ – কিবা এটা ভাল কৰিব পৰাৰ আনন্দ – জীৱনৰ সুন্দৰ মুহূৰ্ত্তবিলাক ধৰি ৰাখিব পৰা আনন্দ - কিবা এটা ক্ৰিয়েটিভ কৰাৰ আনন্দ – দুদিন পাছত জীৱনৰ কোবাল সোঁতত নিজকে উটুৱাই দিওঁতে এনেবিলাক সোঁৱৰণীয়েই তো জীৱনটি সজীৱ কৰি তুলিব –

  সোঁৱৰণীও বৰ আচৰিত অতীতৰ সেই ভাল লগা মিঠা ক্ষণবিলাকে আজি তোমাৰ চকু চলচলীয়া কৰিব পাৰে মুহূৰ্ত্তৰ বাবে নিজৰ সংযমী মনটোক লেকাম চিঙি দৌৰিবলৈ বাধ্য কৰিব পাৰে – আহ – তপত চকুলো আজিকালি নিচেই সুলভ -

  চেঁচা বতাহজাকে কঢ়িয়াই অনা এজাক এচাকনিয়ে তিয়াই পেলালে মোক গোতেই গাতো চেচাঁ-চেঁচা লাগি গ হাতখন মেলি দি বৰষুণৰ টোপালবোৰ চুই চালোঁ – সেই একেই আকৰ্ষণ – উলাই কৰিব নোৱাৰা দুৰ্বাৰ আকৰ্ষণ - কেমেৰাটো বেগটোত সুমুৱাই বাৰাণ্ডাতে বেগটো থৈ লাহে লাহে বাহিৰৰ বৰষুণ জাকলৈ ওলাই আহিলোঁ - এৰি দিলোঁ নিজকে বৰষুণ জাকৰ মাজত বৰষুণৰ টোপালবোৰে মুখখন কোবাই গল - ভাল লাগিল - পাৰে যদি বৰষুণ জাকে উটুৱাই নিয়ক মোৰ চকুপানীখিনি - কলহৰ মুখেৰে ঢলা বৰষুণৰ শব্দত হৃদয়ৰ গাজনিবোৰ যেন তল পৰিল এনে লাগিল ভাল লাগিল মনতো জীৱনৰ যুদ্ধত এনে সময়বিলাকেই তো এনাস্থেচিয়াৰ কাম কৰে


এনাস্থেচিয়াৰ যে মোক এতিয়া অতিকে প্ৰয়োজন --

সাধু কথাৰ কাহিনী নহয় এই জীৱন

দিনবিলাক গৈ আছে – ৰাতিপুৱাৰ পৰা গধূলিলৈকে ক্লাছ কৰা, মূৰ তুলিবলৈ সময় নোপোৱাকৈ এছাইনমেন্ট, প্ৰেছেন্টটেছনৰ কাৰনে প্ৰস্তুতি কৰা, কেছ ষ্টাডি কৰা, ক্লাছত ভাগৰত টোপনি যোৱা, আৰু তাৰ মাজত ভাগৰুৱা মোৰ মনত প্ৰাণৰ সঞ্চাৰ কৰা মিনাক্ষীৰ মিঠা হাঁহিটো-
মই জানো তাই এজনী ভাল ছোৱালী – আজিলৈকে লগ পোৱা সকলো ছোৱালীতকৈ তাই বেলেগ -  কিন্তু এনে নহয় যে বেলেগ অসাধাৰণ গুণ আছে ছোৱালীজনীৰ গাত –একেবাৰেই ছিম্পল – সাজপাৰ সাধাৰণ, অতি নম্ৰ, অমায়িক ব্যৱহাৰ আৰু এটা বুধি দীপ্ত ব্ৰেইন – ওঁঠত অনবৰতে লৈ ফুৰা হাঁহি, উজ্জ্বল চকু জুৰিৰে সৈতে তাইক অত্যন্ত ভাল দেখি –
ভাল পাই পেলাইছোঁ সঁচাকৈয়ে মই মিনাক্ষীক৷ আজি আৰু এই কথাত কোনো সন্দেহ নাই- কিন্তু কালিলৈকে যে ভাবিছিলোঁ – মই প্ৰেম কৰা মানুহ নহয় –
ধেইত অকৰাটো – দাগ চিনেমাৰ সংলাপটো মনত নাই হ’বলা –
“প্ৰেম কৰা নাযায় প্ৰেম হই যায় -“
হৈ গ’ল বাৰু প্ৰেম – এতিয়া কি কৰা যায় – তাইৰ কথাকে ভাবি ভাবি আকাশৰ তৰা গণি থাকো নে বেলেগ কিবা কৰোঁ – এনেবোৰ অস্থিৰ মুহূৰ্ত্ততে সাগৰখনলৈ বৰ মনত পৰে –
প্ৰায়েই গৈছিলোঁ সাগৰৰ পাৰলৈ – ৰাতি দিনাৰ কৰি প্ৰায়েই সাগৰ তীৰত বহি চাই ৰৈছিলোঁ সন্মুখৰ সীমাহীন অন্ধকাৰখিনিলৈ – সন্মুখত অন্তহীন অন্ধকাৰ আৰু মূৰৰ ওপৰত এখন তৰাৰে ভৰা মুকলি আকাশ - মাজে মাজে মাছমৰীয়া নাওৰ দুই এটা পোহৰ – কিন্তু নাওৰ তিৰবিৰাই থকা পোহৰতকৈ মাজসাগৰৰ অন্ধকাৰখিনি বেছি ভাল লাগে- মাদকতা যোগ দিয়ে পাৰত প্ৰতি মূ্হূৰ্ত্ততে খুন্দা মৰাহি উত্ৰাৱল ঢ়ৌবোৰে - বিলিন হৈ যাব বিচাৰো তাৰ মাজত – যেতিয়া সাগৰৰ ঢৌ-বিলাক আহি পাৰৰ শিলত খুন্দা মাৰেহি ক’ব নোৱাৰাকৈয়ে আগবাঢ়ি যাওঁ এখোজ দুখোজকে- হেৰুৱাৰ বেদনাত নে পোৱাৰ আনন্দত সেয়া মই নাজানোঁ - হৃদয়ত মৰমৰ ঢৌ-বুৰেও চাগৈ এনেকৈয়ে জোৱাৰ তোলে – এবাৰ জোৱাৰ আহিলে এৰি দিবলৈ কষ্ট হয় – বৰ কষ্ট হয় –
সুধিছিলোঁ এদিন সাগৰ তীৰতেই – ইমান বেলেগ কিয় তুমি ??
সেই স্বভাৱ কৃত মিঠা হাঁহিটোৰে মোৰ কথাষাৰ উৰুৱাই দি কৈছিল – “ একো বেলেগ নহয় – মই বাকীবিলাক ছোৱালীৰ নিচিনাই, তুমি ঠাট্টা কৰিছা – চকুত লাজ লাজ ভাৱ”
পঢ়াটোতো তুমি ছিৰিয়াছ! সদায় কেৱল কিতাপৰ মাজতেই নিজকে ৰাখা! কেৰিয়াৰক লৈ কি চিন্তা হয়??
পি পি অ (প্ৰি প্লেছমেন্ট অ’ফাৰ) টো পালে ভাল লাগিব – প্লেছমেন্টক লৈ চিন্তা নহ’ব আৰু তেতিয়া-
তাই সুখী হোৱাটো মই বিচাৰোঁ – কিন্তু নিবিচাৰোঁ মই তাই নিজৰ জীৱন এটা গতানুগতিক হাইলি পেইড চাকৰিতে সীমিত ৰাখক-
অলপ পৰ সাগৰখনলৈ চাই কৈছিলোঁ – এই মাছমৰীয়া নাও বিলাক দেখিছা – কি যে সংগ্ৰাম কৰিছে দুবেলা দুমুঠিৰ বাবে – পৰিয়ালৰ বাবে -
আৰু আমি ব্যস্ত এক ৰেট ৰেচ’ত – নিজকে প্ৰথম স্থানত দেখা পোৱাৰ আশাত এনে এখন ৰেচ যাৰ শেষ নাই –
জীৱন সেইটো – য’ত তুমি কৰা কামৰ প্ৰতিটো মুহূৰ্ত্ত তুমি উপভোগ কৰা – সদায় অফিচত এক্সেল, পি পি টি বনোৱা, প্ৰেছেনটেছন দিয়া, সাত সাগৰ তেৰ নদীৰ সিপাৰে থকা কাহানিও নেদেখা ক্লাইন্টৰ লগত দৈনিক ঘন্টা ঘন্টা কথা পতা –এইবোৰ কি গোটেই জীৱনটো কৰিব পাৰি নেকি??
 “তুমি ভৱাৰ দৰে সাধু কথাৰ কাহিনী নহয় এই জীৱন – সকলোৱে ষ্টিভ জৱ, আম্বানি হ’ব নোৱাৰে বা হবলৈ সকলোৰে সেই এটিটিউড নাথাকে – বি প্ৰেক্তিকেল -
চিৰিয়াছ হৈ পৰিছিল মিনাক্ষী – কেৰিয়াৰক লৈ সদায়েই তাই ছিৰিয়াছ –
তাই জানে মই চাকৰি কৰিবলৈ মুঠেই ইচ্ছুক নহয় – প্ৰায়েই মই তাইক নিজে কিবা এটা কৰাৰ কথা কওঁ – কিন্তু মই নিজেই নাজানোঁ মই কি কৰিব বিচাৰোঁ – সদায়েই মোৰ একেটা উত্তৰ – এতিয়াও বিচাৰি পোৱা নাই – সেয়েহে চাকৰি, কেৰিয়াৰৰ কথা ওলালেই গোমা হৈ পৰে তাইৰ মুখ
“তুমিওটো এটা ভাল চাকৰি পাম বুলিয়েই আহিছিলা আই আই এমলৈ – এতিয়া কিয় মত বদলি কৰিছা” –
“ঠিকেই কৈছে তাই - এটা ভাল চাকৰি পোৱাৰ আশাতেই আহিছিলোঁ ইয়ালৈ – কিন্তু এতিয়া চাকৰিতকৈও বেছি প্ৰয়োজনীয় অভাৱ এটা বৰকৈ অনুভৱ কৰিছোঁ – জীৱনত নিজে কিবা কৰাৰ ইচ্ছা- কেনেকৈ তাইক বুজাও যে মই জীৱনটো নিজে বিচৰা মতে জীয়াব বিচাৰোঁ – কিন্তু মই যে তাইকো বিচাৰোঁ -

বিষয়টো গহীন হৈ পৰিছিল – একো ক’বলৈ আৰু মন নগল- 
মৌনতাৰ সান্নিধ্যত সময় কটোৱাতো আজিকালি আমাৰ বাবে অভ্যাসত পৰিণত হৈ পৰিছে – মৌনতাই বহুত কথা কয় – তাই বুজি পায় -

এটুপ দুটোপকৈ বৰষুণ পৰিবলৈ ধৰিছে, ঘন ক’লা ডাৱৰৰ মাজত জোনটো লাহে লাহে ঢ়াক খাই পৰিছে –

বহাৰপৰা উঠি পেন্টত লাগি থকা বালি জোকাৰি ক’লো - ব’লা যাও – কালিলৈ দুটাকৈ প্ৰেছেন্টেছন আছে ক্লাছত – ৰবিহ’ত ৰৈ থাকিব মোলৈ – আকৌ আজি ৰাতিতো উজাগৰে কটাব লাগিব পি পি টি বনাবলৈ –