ৰাতিপুৱাই
বৰুৱাই বাতৰিখন মেলি ল’লে – প্ৰথম পৃষ্ঠাতে ডাঙৰ ডাঙৰ হৰফেৰে আই আই টি দিল্লীৰ ১২
জন ল’ৰাই কোটি টকীয়া চাকৰি পোৱাৰ খবৰ আহিছে৷ বৰুৱাৰ মুখত এটা হাঁহি বিয়পি পৰিল৷ ইঞ্জিনিয়াৰিং
কলেজবিলাকৰ এয়া প্লেছমেন্টৰ সময় – এইকেইদিন বাতৰি কাকতবোৰত আই আই টিৰ প্লেছমেন্টৰ
কথা খুবেই লিখি আছে৷ কোটিৰ ঘৰত দৰমহা পোৱা ল’ৰাৰ খবৰ৷ বাতৰি কাকতত বৰুৱায়ো এই
খবৰবোৰ পঢ়িছে৷ ভাল লাগে তেওঁৰ মনটো – পোনাৰো এনে এটা চাকৰি হ’ব বুলিয়ে পোনায়ে তেওঁক
কয়–
পোনা বৰুৱাৰ
একমাত্ৰ ল’ৰা – আই আই টী খড়গপুৰত কম্পিউটাৰ ইঞ্জিনিয়াৰিং পঢ়ি আছে৷ এইবেলি সিও ওলাব
ইঞ্জিনিয়াৰিং পাছ কৰি – প্লেছমেন্ট তাহাঁতৰ কলেজৰো চলি আছে - সেয়েহে বৰুৱাই
বৰুৱানীক এনে বাতৰি পালে চিঞৰি পঢ়ি শুনায়৷ আজিও বাতৰিতো তেওঁ পঢ়িবলৈ ল’লে –
“ফেছবুকে
আমেৰিকাৰ অফিচৰ কাৰণে ১.3 কোটি টকা
দিছে, গুগলেও আমেৰিকাৰ অফিচৰ কাৰণে কেইবাজনকো আই আই টি বোম্বেৰপৰা নিৰ্বাচিত
কৰিছে৷”
আমেৰিকাৰ কথা
শুনি বৰুৱানীয়ে ক্ষন্তেক পৰ তভক মাৰি ৰৈ ক’লে – ইমানখিনি পঢ়ি শুনি এতিয়া আকৌ
চাকৰিও বিদেশতহে কৰিব লগীয়া হ’লনে? ভাৰততো আজিকালি ভাল দৰমহা দিয়া চাকৰি আছে৷
বৰুৱানীয়ে কি ক’বলৈ বিচাৰিছে বৰুৱাই ধৰিব পাৰিলে -
বাতৰিত বৰুৱাই
ভাৰতত এনে পষ্টিং দিয়া কথা বিচাৰি নাপালে – তথাপি বৰুৱানীৰ মনটো ভাল লগাবলৈকে ক’লে
“ আছে আছে কিয় নাথাকিব, চবেই আমেৰিকা, ইউৰোপত চাকৰি কৰিবলৈ নাযায়৷ বৰুৱানীয়ে যেন
ইয়াৰ কাৰণেহে বাট চাই আছিল, পোনছাটেই কৈ উঠিল- “পোনাই এইবিলাক চাকৰি কৰিব নালাগে৷
নালাগে ইমান টকা-পইচা! ইমানবোৰ টকা আমাক কিয় লাগিছে – বাহিৰত থাকি ল’ৰা চাহাব হ’ব
নালাগে –ঘৰৰ ল’ৰা ঘৰতে থাকি চাকৰি কৰক” – তাতে পোণাই ইমান গেবাৰী খাটিব কিয়
লাগিছে, আঁহো বুলি ক’লেও আহিব নোৱাৰে, কামৰপৰা আজৰিকে নাপায় -
বৰুৱানীৰ মতে
ঘৰৰ ল’ৰা ঘৰতেই থাকক – কিহৰ বাহিৰত চাকৰি কৰিব লাগে – অইল, অএনজিচি, গেছ ক্ৰেকাৰ,
এনআৰএল এইবিলাকতো আছেই৷ আৰামত ঘৰৰ ভাত খাই খাই ল’ৰাই চাকৰি কৰিব পাৰিব-
যোৱাবাৰ বৰুৱানী
শইকীয়াৰ অইলত চাকৰি কৰা জোৱায়েকৰ ঘৰলৈ গৈছিল – অইলৰ সা-সুবিধাবোৰ হেনো বৰুৱানীয়ে
বৰ ভাল দেখিলে – সেই তেতিয়াৰেপৰা বৰুৱানীৰ এটাই আশা – ল’ৰাই অইল বা অএনজিচিতে
চাকৰি কৰক – চাকৰি পোৱাৰ পাছত অলপ থান থিত লাগিলেই বৰুৱানীয়ে ল’ৰাৰ বিয়াখন পাতি
দিয়াৰ মতলবতেই আছে৷
বৰুৱানীৰ ইচ্ছা
আছিল পোনাক ডাক্তৰ পঢ়োৱাৰ কিন্তু পোনাৰ আকৌ সৰুৰে পৰা কম্পিউটাৰৰ প্ৰতি প্ৰৱল
ধাউতি আছিল – সেই যে ক্লাছ ছেভেনত সি কম্পিউটাৰৰ লগ ল’লে তাক আৰু এৰি নিদিলে, আই
আই টিত এডমিছনো সি কম্পিউটাৰ বিভাগতেই ল’লে – পোনাৰ উৎসাহ দেখি আৰু বৰুৱাই ডাক্তৰি
পঢ়িবলৈ তাক জোৰ নকৰিলে৷
থাৰ্ড ইয়েৰত পোনাই ফেচবুকতে ইন্টাৰ্ণচিপ কৰিছিল, ফেচবুকৰ আমেৰিকাৰ অফিচত৷ বৰুৱানীৰ সেই দুইমাহ
দুই-যোগ যেন লাগিছিল৷ ৰাতিপুৱা, গধূলি মাথো পোনাৰ কথা৷
এইবাৰ নামঘৰত
বৰুৱানীয়ে ৰাসৰ সবাহৰ দিনা নামঘৰত চাকি এগছি জ্বলাই থৈ আহিছে – পোনাৰ ভাল চাকৰি
এটা হ’বলৈ – কাকতিৰ ল’ৰাটোৰ চাকৰি হওক বুলি তেখেতসকলে নামঘৰলৈ শৰাই এখন আগবঢ়াইছিল,
শৰাই আগবঢ়োৱাৰ কথা ভবাৰ দুই সপ্তাহৰ পাছতেই টেটৰ ৰিজাল্টত কাকতিৰ ল’ৰাৰ নাম আহিছিল৷
সেই তেতিয়াই বৰুৱানীয়ে ঠিক কৰিছিল ৰাসৰ দিনাই নামঘৰত গৈ চাকি এগছি দি থৈ আহিব -
দুপৰীয়া পোনাৰ
ফ’ন আহিল – তাৰ প্লেছমেন্ট হৈ গ’ল – জাপানীজ ছফটৱেৰ কম্পেনী এটাত তাৰ চাকৰি হ’ল –
দৰমহা ভাৰতীয় টকাৰ হিচাপত কোটিৰ ওপৰতেই হ’ব, সা-সুবিধাও ভালেই৷ গতিকে পোনাই এই
কোম্পানীটোতে জইন কৰাৰ সিদ্ধান্ত লোৱাৰ কথা মাকক ক’লে –বৰুৱানীৰ ক’বলৈ মন গৈছিল –
নালাগে সেইবিলাক চাকৰি কৰিব, ঘৰৰ ল’ৰা ঘৰলৈকে আহ, ইয়াত চাকৰি নাইকিয়া হোৱা নাই
নহয়- পাছে বৰুৱানীয়ে একো ক’ব নোৱাৰিলে
পোনাক – মাথো ও আ কৈ শলাগিয়ে ফ’নটো থৈ দিলে –
আবেলি বৰুৱা
অফিচৰপৰা ঘূৰি অহাৰ পাছত বৰুৱানীয়ে বৰুৱাক খবৰটো কওঁতে বৰুৱানীৰ গালেৰে দুধাৰি
অশ্ৰু বৈ আহিল – বৰুৱাই ধৰিব নোৱাৰিলে সেয়া বৰুৱানীৰ পুতেকে চাকৰি পোৱাৰ আনন্দৰ
চকুলো নে পুতেক ঘৰৰপৰা আৰু বেছি দূৰলৈ আঁতৰি যোৱাৰ বেদনাৰ চকুলো –
বৰুৱাৰো চকুহালো সেমেকি উঠিল৷ বাহিৰলৈ চাই
বৰুৱাই ভাবিলে -কালিলৈয়ে বিএচএন্এলৰ অফিচত গৈ ব্ৰডবেন্ডৰ কনেকচন এটাৰ কাৰণে এপ্লাই
কৰিব লাগিব – ওচৰত নাথাকিলেও পুতেকৰ লগত অন্তত মাকে স্কাইপতে কথা পাতিব পাৰিব৷