Thursday, September 19, 2013

ফিলিং নষ্টালজিক

দৈনিক মানুহে মৰিয়েই আছে  দৈনিক দেখি আহিছোঁ৷ দেশৰ দিক নিৰ্ধাৰণ কৰা কিমান ৰাজনীতিকৰ দেহাৱসান হল হিচাপ নাই৷ কত কিমান গুৰুত্বপূৰ্ণ পষ্টত চাকৰি কৰা লোকে অৱসৰ লৈছে৷ সৌ সিদিনা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ডি চুব্বাৰাওয়ে অৱসৰ ললে৷ মনত একো অনুভৱ নহল৷


আজি সন্ধিয়া শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ গ্ৰুপটোত এটা পষ্ট দেখিলো আমাক পঢ়ুৱা কেইবাজনো চাৰে অৱসৰ ললে-  দুই এজনৰ মৃত্যুও হল বুলি গম পালোপষ্টটো পঢ়ি হঠাৎ মনটো ভাবুক হৈ পৰিল মনতে ভাবিলোঁ আজিৰ চামে তেনে শিক্ষকৰপৰা পঢ়িবলৈ নোপোৱাৰ কাৰণে যে কিমান লছ হৈছে, আমি বৰ ভাগ্যৱান আছিলোঁ এনে অনুভৱ হলগতে এটা কথাও ভাবিলোঁ মোৰ নিচিনাকৈ হয়তো আন বহুতেই সেই কেইজন শিক্ষকৰ আমাৰ জীৱনলৈ আগবঢ়োৱা অৱদানৰ কথা মনত পেলাই শ্ৰদ্ধাত তেওঁলোকৰ প্ৰতি মূৰ দোৱাই ৷ আন কি এনে বৃত্তি আছে যত এনে অকৃত্ৰিম ভালপোৱা, শ্ৰদ্ধা আদায় কৰিব পাৰি৷৷ আজি অৱসৰৰ পাছত শ্ৰদ্ধাৰ চাৰ-বাইদেউ সকলেও মনত বাৰু কেনে এটা শান্তি, প্ৰশান্তি, গৌৰৱ অনুভৱ কৰে যে তেওঁলোকৰ আজি কপি থকা হাতেৰেই শিক্ষকতাৰ কালছোৱাত কিমানৰ জীৱন নিপুণ হাতেৰে নিজে গঢ়িলে ৷ কথাষাৰ ভাবিয়েই মনটো কিবা ভাল লাগি গ'ল৷

ফিলিং নষ্টালজিক -----


( মই কোৱা নাই যে আজিৰ শিক্ষকসকল বেয়া বুলি, আমাৰ সময়ত থকা শিক্ষকসকলে আমাৰ মনত যি স্থান অধিকাৰ কৰি ললে তাৰেই ফলস্বৰূপে হয়তো মোৰ মনটোৱে দেখোন শিক্ষক বুলি কলেই তেওঁলোকৰ চেহেৰাহে মনলৈ ভাহি আহে)

Monday, September 2, 2013

এক মিঠা অনুভূতি

যোৱাকালি এখন গাঁৱৰ ঘৰলৈ গৈছিলো৷ আমি তা পাওগৈ মানে সন্ধিয়াই লাগিছিল৷ চাৰিওফালে সেউজীয়া ধাননি পথাৰৰ মাজত নতুনকৈ সজা এটা সৰু ঘৰ৷ লাইট আছিল যদিও আমি গৈ পোৱাৰ অলপ পাছতেই লাইট গ’ল৷ 

বাহিৰৰ পৰিবেশটো ভাল লগাত ভিতৰৰপৰা চকী এখন আনি বাহিৰতেই বহিলো –

এটা সম্পূৰ্ণ গাৱলীয়া পৰিবেশ৷ পথাৰৰপৰা অনবৰতে ৰিবৰিব কৈ এজাক চেঁচা বতাহ বৈ আছিল৷ গা-মন জুৰ পেলাই দিয়া এজাক নিৰ্মল বতাহ৷ চাৰিওফালে অন্ধকাৰ৷ দূৰৈত কাৰোবাৰ ঘৰত ঢ়িমিক ঢ়ামাক কৈ চাকি জিলিকিছে৷জোনাকি পৰুৱাবিলাকেও তাৰ মাজতে দেও দি দি নাচি উৰি ফুৰিছে৷ পৰিবেশটো আৰু মনোমোহা কৰি তুলিছে চাৰিওফালৰপৰা ভাহি অ্হা জিলি,কুমটিৰ মাতে৷ ওপৰত এখন মুকলি তৰা ভৰ্ত্তী আকাশ, বহুত দিনৰ মূৰত যেন তৰাৰে থাহ খাই থকা আকাশ এখন ইমান সুন্দৰকৈ দেখা পালো৷ বহুত পৰ ধৰি আমি তাকেই চাই থাকিলো – সৰুতে হাতীপটি, ধ্ৰুব তৰা বিছাৰিচিলো৷ কালিও একেই উৎসাহেৰে পুনৰ আকাশত তৰা বিচৰাত লাগি গলো- কিমান দিন যে হ’ল এনে এখন আকাশ নেদেখা –

অলপ পাছত দেখিলো দাদা এজনে আহি ঘৰৰ কাষেৰে বৈ যোৱা জানটোত টৰ্চ মাৰি ঘুৰি ফুৰিছে৷  কৌতুহল বশত কি কৰিছেনো চাবলৈ গৈ দেখিলো – জানটোত বহুত মাছ৷ পানীত সৰু সৰু বহুত মাছ৷ দাদা এজনে টৰ্চ মাৰি মোক এটা গৰৈ মাছো দেখুৱাই দিলে -
প্ৰায় এক ঘন্টা মান তেনেদৰে কটোৱাৰ পাছত ঘৰলৈ উভতি আহিলো – মনত বহুতো মিঠা অনু্ভূতি লৈ –