Saturday, June 29, 2013

মোৰ তবলা শিক্ষা

মোৰ তবলা শিক্ষা :
----------------------
(প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ৰ কথা)

ঘৰৰ কাষতে সংগীতৰ বিদ্যালয়খন আছিল। নামটো "গীতাঞ্জলী সংগীত বিদ্যালয়"৷ আমাৰ অঞ্চলটোতে এইখন এখন নাম থকা সংগীত বিদ্যালয় আছিল। শনিবাৰে আৰু দেওবাৰে সংগীতৰ পাঠদান হৈছিল। নৃত্য গীতৰ লগতে বাদ্যযন্ত্ৰৰো শিক্ষা দিয়া হৈছিল। যঠেষ্ট সংখ্যক ল'ৰা ছোৱালী আহিছিল এই সংগীত বিদ্যালয়লৈ।

  মোৰ লগৰ কেইবাজনেও ইতিমধ্যেই সংগীতৰ বিভিন্ন ক্লাছত নামভর্তি কৰিছিল। আজিকালিৰ যুগত পঢ়া শুনাৰ লগতে বাহিৰা কিবা কাম কাজত পার্গত হোৱাটো অতিকৈয়ে জৰুৰী। কিন্তু মোৰ ইমান এটা আকর্ষণ নাছিল এই গান বাজনাৰ প্ৰতি। নিজে এইবিলাক কৰাতকৈ আনে কৰা চাইহে ভাল পাইছিলো। সংগীতৰ ক্লাছলৈ নোযোৱাৰ আন এটা কাৰণ আছিল দেওবাৰৰ টি ভি প্ৰগ্ৰেম। দেওবাৰৰ দিনবোৰ সাধাৰণতে মই টি ভি চাইয়েই পাৰ কৰিছিলো। সংগীতৰ ক্লাছলৈ গ'লে মই এই আকর্ষণীয় প্ৰগ্ৰেমবিলাক বাদ দিব লাগিব যিটো মোৰ একেবাৰেই পচন্দ নাছিল। সংগীত এৰিব পাৰি কিন্তু দেওবাৰৰ টি ভি চোৱাৰ লোভ এৰিব নোৱাৰি।

কিন্তু এনেকৈ বেছি দিন নগল। ঘৰত দেওবাৰৰ দিনটোত এনেয়ে টি ভি চাই সময়বোৰ পাৰ কৰাতকৈ কিবা এটাকে শিকক বুলি মায়ে এদিন জোৰ কৰিয়েই মোক তবলা ক্লাছত নাম লগাই দিলে। তাতে তবলা শিক্ষকজন মা-দেউতাৰ চিনাকি ।

 উপায়ন্তৰ হৈ পাছৰটো দেওবাৰে যথাসময়ত ক্লাছত গৈ উপস্হিত হলোগৈ। দেখিলো মোক বাদ দি ক্লাছত কমেও ২০-২৫ জন মান ছাত্ৰ আছে। পাছে বয়সৰ ব্যৱধানটোহে বেছি। ময়েই কিজানি আটাইটকৈ সৰু আছিলো ক্লাছটোত। এটাসময়ত চাৰজন আহিল। আহিয়েই তেও পাঠ আৰম্ভ কৰিলে। মই অলপ পলমকৈ ক্লাছত যোগদান কৰিছিলো। সেয়েহে বাকীসকলে ইতিমধ্যেই প্ৰথম দুই তিনিটা পাঠ আয়ত্ব  কৰি পেলাইছিল।
ক্লাছ আৰম্ভ হ'লত মনে মনে মই বাকী সকলৰ কাম কাজ নিৰীক্ষণ কৰিবলৈ ধৰিলো। কোনোৱে ভালকৈয়ে বজাব পাৰে, কোনোৱে আকৌ বজাবলে শিকিছেহে। চাৰে এজন এজনকৈ সকলোৰে ওচৰলৈ আহি কেনেকৈ  কি কৰিব লাগে বুজাই গলহি।

এটা সময়ত চাৰে মোক তেওৰ ওচৰলৈ মাতিলে। চাৰৰ কাষতে বহি জীৱনত প্ৰথমবাৰৰ বাবে তবলাযোৰ চুই চালো। তবলাযোৰ চুই খুব ভাল লাগিল। মোক চাৰে কোন স্হানত হাতকেইখন ল'ব লাগে আঙুলিকেইটা কেনেকৈ টবলাৰ ওপৰত ৰাখিব লাগে তাৰ আদিপাঠ দিলে। মনৰ আনন্দতে তবলা কেইটা টুকুৰিয়াই চালো। যি কেইটা শব্দ ওলাল মোৰ কাণত যেন সংগীত হৈহে বাজিল। ইয়াৰ পাছতে চাৰে মোক তবলাৰ পাঠ দিলে -

এই প্ৰথম পাঠ কি আছিল পাহৰিলো এতিয়া কিন্তু যি মনত আছে তাৰেপৰাই তলৰ কথাষাৰিয়েই মনত আছে-

"টি ত কি ত টাক' টাক' "

অলপ অনুশীলন কৰাৰ পাছত লাহে লাহে মই এই ৰাগটো বজাব পৰা হ'লো। চাৰে মোক অনুশীলন কৰি থাকিবলৈ ক'লে। কিন্তু সেই সময়ত আমাৰ ঘৰত তবলা নাছিল। সেয়েহে চাৰে পৰামর্শ দিলে যে মই যাতে এনেয়ে ঘৰত সময় পালে টেবুলতে এই ৰাগৰ আখৰা কৰো।

নিজৰ আঙুলিৰ পৰশত যে ইমান সুন্দৰকৈ একো একোটা শব্দ নিগৰিত হ'ব পাৰে ই মোক সঁচাকৈয়ে তবলাৰ প্ৰতি ধাউতি বঢ়াই তুলিলে। ঘৰলৈ অহাৰ পাছত আৰম্ভ কৰি দিলো মোৰ অনুশীলন। কিন্তু চাৰে কোৱাৰ দৰে আজৰি সময়ত নহয়। যতেই বহো তাতেই আৰম্ভ কৰি দিও তবলাৰ অনুশীলন। পঢ়াই টেবুলত বহিলেও পঢ়াৰ কাম বাদ দি টেবুলত "টি ত কি ত টাক টাক" কৰি থাকিবলৈ ল'লো। খোৱা টেবুলতো তেনেকৈ ভাতৰ কাৰণে অপেক্ষা কৰি থাকোতে আঙুলিকেইটাক শান্তিত মনে মনে থাকিবলৈ নিদিয়া হ'লো। মুঠতে মই যতেই নাথাকো কিয়- "টি ত  কি ত টাক টাক" বাজি থাকিবলৈ লোৱা হ'ল।

 মা দেউতাই প্ৰথমতে ভাবিছিল - নতুনকৈ শিকিছে সেইকাৰণে এনে হৈছে। লাহে লাহে চৱ ঠিক হৈ যাব। নাই মা-দেউতাই ভবাৰ দৰে তেনে একো নহ'ল। যিমানেই ক্লাছ কৰিলো সিমানেই তবলাৰ প্ৰতি মোৰ আকর্ষণ বাঢ়িলহে। পঢ়া-শুনা চৱ বাদ পৰিল। সংগীতৰ চাৰৰপৰা যিমান ভাল ফিদবেক আহিল সিমানেই বেয়া ফিদবেক আহিল স্কুলৰপৰা। পঢ়াক লৈ নহয় কিন্তু এইবুলি যে আজিকালি মই হেনো যেতিয়াই তেতিয়াই ক্লাছতো টিত কিত টাক টাক কৰি থাকো--

৩-৪ সপ্তাহৰ পাছতো যেতিয়া একো শুধৰণি নহ'ল মায়ে মোৰ তবলা শিক্ষাৰ তাতেই সাং কৰাৰ সিদ্ধান্ত ল'লে। তবলাৰ চাৰে হেনো মাক এনে নকৰিবলৈ হাক দিছিল কিন্তু মায়ে মোৰ কান্ড-কাৰখানা দেখি বাৰুকৈয়ে ভয় খালে।  অলপ ডাঙৰ হ'লে বুজা পৰা হ'লে আকৌ শিকিব বুলি মায়ে এদিন মোৰ নাম কটাই দিলে তবলাৰ ক্লাছৰপৰা।

ময়ো বেয়া নাপালো। দেওবাৰৰ টি ভি প্ৰগ্ৰেমৰ মাজলৈ আকৌ মই ঘুৰি আহিলো। যোৱা তিনি চাৰি সপ্তাহে মই দেওবাৰৰ আবেলিৰ দূৰদর্শনত সম্প্ৰচাৰিত হোৱা চিনেমা কেইখন চোৱাৰেপৰা বঞ্চিত হৈ আছিলো। এতিয়া তবলাৰ অধ্যায় শেষ হ'ল যেতিয়া দেওবাৰৰ আবেলিটো আকৌ দূৰদর্শনৰ নামত উর্চগা কৰিলো। যদিও তাতেই মোৰ তবলাৰ শিক্ষা সমাপ্ত হ'ল, সেই খোৱা টেবুলে,পঢ়া টেবুলত মই কৰা অনুশীলনৰ ধ্বনি যেন আজিও বাজি থাকে মোৰ কাণত--

 " টি ত কি ত টাক টাক"

Thursday, June 27, 2013

স্কুটাৰ আৰু মোৰ হেন্দিমেন'ৰ আখৰা

আমি সৰু হৈ থাকোতে দেউতাৰ এখন স্কুটাৰ আছিল। পাতল নীলা ৰঙৰ এখন বাজাজ স্কুটাৰ। এই স্কুটাৰখনতে উঠি আমি ওচৰে পাজৰৰ ঠাইবিলাক ফুৰিছিলো । কবলৈ গ'লে আমাৰ শৈশৱ এই স্কুটাৰখনতে পাৰ হৈছিল। স্কুললৈ যোৱা, বজাৰলৈ যোৱা, মিটিৰ ফুৰিবলৈ এই সকলো কামতে স্কুটাৰখন নহ'লেই নহৈছিল। সাধাৰণতে মই স্কুটাৰত পাছৰ চিটত বহি যোৱাতকৈ আগফালে ঠিয় হৈ গৈহে ভাল পাইছিলো। তাৰো এটা কাৰণ নথকা নহয়- হ'র্ণ টো বজোৱাৰ ওপৰিও দেউতাই মাজে মাজে মোক স্কুটাৰৰ স্পীদৰ টিপাতো এৰি দিছিল আৰু ময়ো সাধ্য অনুযায়ী স্পীড দিবলৈ চেষ্ট্ৰা কৰিছিলো। মনত বৰ ফুর্ত্তি লাগিছিল।

ককা-আইতাৰ ঘৰলৈ আমি থকা ঠাইৰপৰা ১০-১২ কি:মি: মানেই দূৰ হ'ব। ওচৰতে হোৱা বাবে প্ৰায়েই ককাৰ ঘৰলৈ যোৱা হৈছিল। প্ৰায়েই শনি বা দেওবাৰে  দেউতা আৰু আমি ককাৰ ঘৰলৈ যোৱাটো প্ৰায় নিয়মতেই পৰিণত হৈছিল।

তেতিয়া মই বোধহয় প্ৰথম নে দ্বিতীয় শ্ৰেণীত। এবাৰ দেউতা আৰু মই ককাৰ ঘৰলৈ গ'লো। কোনো নথকা বাবে দেউতাই মোক পাছৰ চিটতে বহুৱাই নিলে। দেউতাৰ পাছফালে বহি দেউতাৰ চিটটোৰ পাছফালে থকা ৰ'ডদালত জোৰেৰে খামোচ মাৰি ময়ো বহি গ'লো।
  সাধাৰণতে ককা-আইতাৰ ঘৰৰ পদূলি মুখলৈ ১০০ মিটাৰ মান বাট থাকোতেই দেউতাই স্কুটাৰৰ ইঞ্জিন বন্ধ কৰি দিয়ে আৰু সেইকণ বাট আগৰ স্পীদৰ ভৰসাতে স্কুটাৰখন লাহে লাহে গৈ থাকে।
সেইদিনাখনি মোৰ মনত কি ভাৱ খেলালে জানো- মনতে ভাৱিলো এই বাছৰ হেন্দিমেন বিলাকে যে বাছ ৰখাৰ আগতেই বাছৰপৰা জাপ মাৰি দৌৰি দৌৰি নামি দিয়ে ময়ো দেখোন সেই একেটা কামকে কৰিব পাৰো আমাৰ ঘৰৰ স্কুটাৰখনতে। সিদ্ধান্ত কৰিলো যে দেউতাই স্কুটাৰৰ ইঞ্জিন বন্ধ কৰাৰ লগে লগে মই মায়ে ভৰি থোৱা ফুটপ্লেট'ৰ ওপৰত থিয় দি সাজু হৈ থাকিম আৰু ককা- আইতাৰ ঘৰৰ পদূলি মূখ পোৱাৰ আগে আগে স্কুটাৰৰপৰা জাপ মাৰি দিম। মনতে ভাৱ দেউতাই স্কুটাৰ ৰখোৱাৰ আগতেই মই যদি ককাৰ ওচৰ পাওগৈ কেনে এটা ভাল লাগিব আৰু।

কথামতে কাম দেউতাই স্কুটাৰৰ ইঞ্জিন বন্ধ কৰাৰ লগে লগে মই ফুটপ্লেটৰ ওপৰত ভালকৈ থিয় হৈ ল'লো। কিন্তু সমস্যাটো তাতেই হ'ল। জাপ বাৰু মাৰোৱেই কিন্তু কোনদিশে ? মই এতিয়া জাপ আগলৈ মাৰোনে পাছলৈ মাৰো? আগফালে জাপ মাৰিবলৈ মই একোকে নেদেখো । কিন্তু পাছফালে চব ধুনীয়াকৈ দেখি আহিছো। গতিকে ফাইনেল কৰিলো যে মই পাছফালেই জাপ মাৰিম।

 ভবামতেই কাম। স্কুটাৰ এই ৰও ৰও হৈছে আৰু এনেতে মই দিলো জাপ মাৰি পাছফাললৈ। মুহুর্ততে এনে লাগিল মই যেন ঠাইতেই দুটামান  পাকঘূৰণি খালো।  তাৰ পাছত আৰু মোৰ একো মনত নাই।

 অলপ পাছত চকু মেলিলত দেখিলো দেউতাই মুখত পানী ছটিয়াই আছে। ভাগ্য ভাল আছিল মোৰ যে মই স্কুটাৰখন স্পীদত থাকোতেই জাপ মৰা নাছিলো। গাত পাছে ক'তো একো দুখ নাপালো। ঘৰলৈ উভতি যাওতে দেউতাই মোক আগফালে থিয় কৰাই লৈ গ'ল। দেউতাৰ দুয়োভৰিৰ মাজত মই থিয় হৈ থকা বাবে যেন দেউতা নিশ্চিন্ত হ'ল মোক লৈ!!

Saturday, June 8, 2013

অ ক ব আৰু মোৰ অসমীয়া



সোমবাৰৰপৰা আকৌ ক্লাছ আৰম্ভ হ’ব। কথাটো ভাবি ধৰিব নোৱাৰিলো মোৰ ভালেই লাগিছেনে নে বেয়া লাগিছে। খুব সম্ভৱ ছাত্ৰ জীৱনৰ শেষ অধ্যায়। এফালে কলেজত লগৰ সকলোকে লগ পোৱাৰ আনন্দ, কেৰেলাৰ নৈসর্গিক মন জোৰোৱা দৃশ্যৰ আনন্দ আনফালে আকৌ সেই আনন্দৰ লগতে কিতাপ, ক্লাছ,কেচ স্টাদি, প্ৰজেক্ট, প্ৰেজেন্টেচন আদি মূৰৰ কামোৰণিবোৰো উপসর্গ হৈ আহিবলৈ আছেই।  ঠিকেইটো গোলাপৰ লগতেই কাঁইট থাকে। 

  যোৱা দুটা মাহ কেনেকৈ গ’ল গমকেই নাপালো। দিল্লীৰ সেই উৎকত গৰমতো আমি ভাল মৌজ-মস্তি কৰিলো। গধূলী সময়ত ইন্ডিয়া গেটৰ সন্মুখত ঘূৰি ফুৰা,ঘাঁহনিত বহি আদ্দা দিয়া, দিল্লী মেট্ৰত উঠি অলৈ তলৈ যোৱা নইডাত থাকোতে কাৰেন্ট গ’লেই লগৰকেইটাৰ লগত মল’ত গৈ চিনেমা চোৱা ইত্যাদি ক’ত কি যে কৰিলো। তাতোতকৈয়ো মজাৰ কথা আছিল- ৰাতি কাৰেন্ট গ’লে চাদৰ ওপৰত গৈ আদ্দা দিয়াটো। কেতিয়াবা আদ্দাত ৰস ইমানেই উঠিছিল যে পাছত কাৰেন্ট আহিলেও আমি ৰুমলৈ নাহি ওপৰতে ৰাতিটো কথা পাতি পাৰ কৰি দিছিলো।

কিন্তু কোনোবাই যদি মোক প্ৰশ্ন কৰে যোৱা দুই মাহত আটাইতকৈ মই বেছিকৈ কি কৰি ভাল পালো, খুব উপভোগ কৰিলো সেয়া নিসন্দেহে হ’ব অসমীয়াত পুনৰ লিখিবলৈ লোৱাটো। লাজ লাগিবৰে কথা কিন্তু কবলৈ গ’লে অসমীয়া লিখিবলৈ পাহৰিয়ে গৈছিলো বুলি ক’ব পাৰি। মোৰ মনত নপৰে ২০০৫ চনত উচ্চ মাধ্যমিকৰ অসমীয়া বিষয়ৰ পৰীক্ষা হৈ যোৱাৰ পাছত মইযে কেতিয়াবা অসমীয়াত কিবা লিখিছিলো। কেৱল অসমীয়াত লিখাহে নাছিলো, অসমীয়া পঢ়িবলৈ কিন্তু এৰা নাছিলো। বন্ধত ঘৰলৈ গলেই নতুনকৈ প্ৰকাশ পোৱা কিতাপকেইখন পঢ়িবলৈ পাহৰি যোৱা নাছিলো। 

 ২০১৩ মে মাহত মোৰ দাদাই অ ক বৰ এটা পষ্ট পঢ়িবলৈ কৈছিল। খুব সম্ভৱ "প্ৰাগত মোহব্বতে" আছিল লেখাটি। মোৰ পঢ়ি খুব ভাল লাগিল। পষ্টটো পঢ়ি মই ভাবিলো ময়ো অসমীয়া লিখিবলৈ লও। কিন্তু লিখো বুলি ক’লেইটো লিখিব নোৱাৰো। যোৱা ৮ বছেৰে মই কিজানি বাক্য এটাও অসমীয়াত লিখা নাই। তথাপিতো ভাবিলো- মই নতুন ভাষা এটা শিকিবলৈ লোৱা নাই নহয়। নিজৰেই মাতৃভাষাতহে পুনৰ লিখাৰ কথা ভাবিছো।  দেখা যাওক কৰ পানী কলৈ যায়। তাতে কথা এটা আছেই নহয়- “মন থাকিলেই চন বকৰা মাটিতেই ধন”

  লেপটপ’ত চফ্টৱেৰ ইনস্টল কৰি ললো। দুই তিনিদিনমান এনেয়ে আখৰা কৰাৰ পাছত কীৱর্ড খনৰ লগত অলপ চিনাকি হোৱাত লাহে লাহে অসমীয়াত মনলৈ অহা ভাববিলাক টুকি ৰাখিবলৈ ললো। অফিছ’ত কাম নথকাৰ সময়ত www.xobdo.org  লৈ গৈ ভুল যেন সন্দেহ হোৱা বানান বিলাক লিখি চালো। প্ৰথমতে এপাচি শাকত এটা জলকীয়াৰ নিচিনাকৈ ১০ টা শব্দ লিখিলে ২-৩ টাহে শুদ্ধ হৈছিল।  সেইসময়ত বানানৰ ভুলতকৈ মই অসমীয়াত যে লিখিব পাৰিছো তাকে লৈহে  ফুর্তি কৰিছিলো। অনবৰতে অ ক বৰ লিখনিবিলাক পঢ়ি থাকিছিলো। বানান শুদ্ধকৈ লিখাত ইয়ো মোক বাৰুকৈয়ে সহায় কৰিলে। 
 
   এদিন ভুলে শুদ্ধই লেখা এটি লিখি পষ্ট কৰি দিলো । সদস্যসকলৰ সঁহাৰিয়ে যথেষ্ট অনুপ্ৰাণিত কৰিলে। কোনো কোনোয়ে ভুল কেইটায়ো শুধৰাই দিলে। লিখি থাকিলো মই। হঠাৎ মই অনুভৱ কৰিবলৈ ধৰিলো কিবা এটা যেন পৰিবর্ত্তন আহিছে মোৰ জীৱনলৈ। সোনকালেই বুজি উঠিলো যে মই অসমীয়া লিখি ভাল পোৱাৰে পৰিণতি সেয়া। ভাল পোৱা কিবা কাম কৰি থকাৰ আনন্দই সুকীয়া। মনলৈ যি ভাব আহে তাকে লিখি থাকিবলৈ ললো আৰু লিখি থকাৰ প্ৰত্যকটো মুহুর্তকে উপভোগ কৰিবলৈ ললো। আজি যেন মোৰ কাৰণে অসমীয়াত লিখাটো নিচা হৈ পৰিছে। কিবা এটা লিখাৰ কথা ভাবিলেহি মনটো ভাল লাগি যায়। কাম কৰি থাকোতে যেতিয়া টোপনিয়ে হেঁচা মাৰি ধৰে ( বিশেষকৈ দুপৰীয়া ভোজনৰ পাছত) উলিয়াই লও কিবা এটা লিখিবলৈ অসমীয়াত। তৎমূহুর্ততে টোপনী পলাই পত্ৰং দিয়ে। আগৰ ভাগৰ,অৱসাদ বোৰেও যেন আজিকালি মোক ভাল নোপোৱা হৈছে। মন কৰিছো আজিকালি তেখেতসকলে বৰ ঘনাই মোক দেখা নিদিয়ে। ভাল পোৱা কাম কৰাৰেই ফল হয়তো এয়া ।

এতিয়া যেতিয়াই মোৰ কিবা কৰিবলৈ মন নাযায় উলিয়াই লও লেপটপটো আৰু আৰম্ভ কৰি দিও লিখা মনলৈ আহি থকা ভাববিলাক ।  নিজৰ মাতৃভাষাত লিখাৰ আনন্দ আনভাষাত লিখাৰ আনন্দই জানো দিব পাৰিব?
             চিৰ চেনেহী মোৰ ভাষা জননী

Friday, June 7, 2013

“কিয় আপুনি বিয়া কৰোৱাই নাই নেকি?”



ৰাতিপুৱাই ভন্টিলৈ ফ’ন কৰিলো-
এনেয়ে ইতো সিতো খবৰ ললো। তাইৰ পৰীক্ষা পাইছেহি আৰু। এই মাহৰ ২৪ তাৰিখৰপৰা। পৰীক্ষাৰ কথা ওলালত তায়েই ক’লে – তাইৰ হেনো বহুত পঢ়িবলৈ বাকী আছে। বৰ চিন্তা হৈছে।
এনেয়ে তাইৰ মনটোকে পাতল কৰিবলৈ কলো – হ’ব দে চিন্তা কৰিব নালাগে। তঁহত ছোৱালীবিলাকেই আজিকালি সকলো পৰীক্ষাতে টপ মাৰ।
“অ অ আমি ছোৱালী মানুহ। আমাৰ একো চিন্তা নাই। চিন্তা কৰিবলৈ তঁহত ল’ৰা মানু্হবোৰ আছ নহয় “ সিফালৰপৰা ভন্টিৰ মাত ভাহি আহিল। কথাতো ভন্টিয়ে ধেমালিতে ক’লেনে চিৰিয়াছ হৈয়ে ক’লে ধৰিব নোৱাৰিলো কিন্তু হঠাৎ মনলৈ বহুত আগতেই শুনা সংলাপ এটা আহিল-

“মই ছোৱালী মানুহ ৰমেন দা। মা দেউতাৰ আগত মূৰ তুলি কথা কোৱাৰ সাহস মোৰ নাই”
“বৃকোদৰ বৰুৱাৰ বিয়া”ৰ সংলাপ। 

 সৰু থাকোতেই এই ধাৰাবাহিকখন চাইছিলো। পাছত ধাৰাবাহিকখনৰ ভাল ভাল সংলাপৰ অডিঅ' কেছেট এটা বজাৰত উপলব্ধ হৈছিল। দেউতাই এদিন কেছেট এটা লৈ আনিল। বৰ ভাল পালো। তেতিয়া আৰু আমি দূৰদর্শনৰ সেই নিদিষ্ট সময়লৈ অপেক্ষা কৰিব নালাগে। মন গলেই কেছেটতে সেই সংলাপ কেইটা শুনিব পাৰো। অৱশ্যে ভিদিঅ টো থকা হ’লে সোণত সুৱগা চৰিলহেতেন। কিন্তু নাই মোমাইতকৈ কণা মোমায়ে ভাল। কেছেটটো শুনিলে মোৰ মনৰ কলিয়া ডাৱৰ আতৰ হৈ তৎমুহুর্ততে মোৰ মন ফৰকাল হৈ পৰে।  কেছেটটো এতিয়াও আছে আমাৰ ঘৰত। মাজে মাজে শুনো। ভাল লাগে। বেছিভাগ সংলাপেই মনত ৰৈ গৈছে বুলিয়েই কব পাৰি। 

 আজি মনলৈ সংলাপটো দৌৰি অহাৰ কাৰণটো চাগৈ সেইটোৱেই। সিদিনা গম পালো আজিকালি আকৌ কোনো এটা চেনেলত ধাৰাবাহিকখন সম্প্ৰচাৰিত হৈ আছে। কথাটো জানি ভাল লাগিল।
সেইসময়ত আমি ঘৰৰ সকলোৱে ধাৰাবাহিকখন একেলগে উপভোগ কৰিছিলো। নিশা ৮ মান বজাত সম্প্ৰচাৰ হৈছিল। পঢ়া কাম আগতিয়াকৈয়ে শেষ কৰি ৭-৫০ মানতেই টিভিৰ আগত বহিছিলোহি। মা দেউতাও লগতে বহি লৈছিল। অকল যে চাইছিলোহে এনে নহয় চাই শেষ হোৱাৰ পাছত কথাই প্ৰতি আমি পাৰেমানো তাৰ সংলাপ বিলাক ব্যৱহাৰ কৰিছিলো।

এই ধৰক মায়ে ভন্টিক হ'ৰলিক্স খাবলৈ কৈছে আৰু তাই নাখাও বুলি জেদ ধৰিছে-
এইফালৰপৰা দাদা বা মোৰ মুখৰপৰা সংলাপ উৰিলেই নহয়-
“ভন্টি তই ছোৱালী মানুহ। মা দেউতাৰ আগত মুৰ তুলি কথা কোৱাৰ সাহস তোৰ নাই”

কিছুমান সংলাপে যে ভাল হাঁহিৰ খোৰাক যোগাইছিল—

এবাৰ ফুৰিবলৈ যাওতে আমাৰ গাড়ীখন ৰাস্তাতে বেয়া হ’ল। খবৰ কৰি গম পালো ওচৰতে গেৰেজ এটা আছে। পাছে গাড়ী এতিয়া গেৰেজলৈকে ঠেলিব কোনে? দেউতাক বাদ দি মা আৰু আমি ভাই ভণী তিনিটা। আমিকেইটা তেতিয়া L.P. স্কুলত পঢ়ি আছো। গাড়ী ঠেলাৰ প্ৰশ্নই উঠিব নোৱাৰে। দেউতাই ৰাস্তাইদি কোনোবা আহিলে  সহায় বিচাৰিব বুলি ভাবি সেই ঠাইতে অপেক্ষা কৰি ৰল।  ইফালে মোৰ  ৰৈ ৰৈ আমনি লগাত মই মাকে গাড়ীখন ঠেলিবলৈ ক'লো- সংলাপ আকৌ আঠমংগলা খাবলৈ যাওতে গাড়ী বেয়া হওতে নকইনাক গাড়ী ঠেলিবলৈ কওতে বৃকোদৰ বৰুৱাই ব্যৱহাৰ কৰাটো-

“হেৰা গাড়ীখন অলপ ঠেলি দিয়াছোন। কেতিয়াবা কেতিয়াবা নিজৰ গাড়ী থকা মানুহেও গাড়ী ঠেলিবলগীয়া হয়”

মায়ে একো ক'বলৈকে নাপালে । ভন্টিয়ে তপৰাই মাৰ হৈ উকালতি কৰি মাত লগালেই নহয়- “ এই মাজ ৰাস্তাত মই কিন্তু গাড়ী ঠেলিব নোৱাৰো দেই। মানুহে দেখিলে মোক কি বুলি ক’ব। মোৰ লগৰবোৰেই বা কি বুলি ভাবিব” 

 আমাৰ কথোপকথন দেখি মা-দেউতাই হাঁহিবহে পাৰিলে আৰু।

ঠিক তেনেকৈ ঘৰলৈ আলহী আহিলে ফ’ট এলবামটো দেখুওৱাৰ গাইডো আমি কেইতাই হৈছিলো-
“এয়া আমাৰ বৰ মামা। ছিলংত থাকে। জানে মামাই বহুত ঠাই ফুৰিছে। একে ঠাইত বেছি দিন নাথাকেই”
আৰু এয়া আমাৰ জেঠু। অ এন জি চি ‘ত কৰে। নাজিৰাত থাকে। জেঠুৰ এখন বগা ফিয়েট গাড়ী আছে। জেঠুৰ ঘৰলৈ গলে আমি ফিয়েটত উঠি ফুৰিবলৈ যাও।
আৰু এয়া মইহে আকৌ দেই। কোনো ছোৱালী নহয়। মায়ে ফ্ৰক পিন্ধাওতে দেখিবলৈ মোক ধুনীয়া লগাত ফ’ট একপিকে মাৰি থলে দেই। “
ইত্যাদি অনেক কথা- আলহীৰ কথা নাজানো, আমি বেচ আনন্দ পাইছিলো এইবিলাক কৰি—

এদিন ভাত খাই আমি সকলোৱে ককাৰ ঘৰত কথা পাতি আছো। খুৰাৰ বিয়া ঠিক হৈছিল অলপ দিনৰ আগতে। সেয়েহে সকলোৱে হ’বলগীয়া খুৰীৰ কথা পাতি আছে । এনেই ধেমালিতে পেহীয়ে সুধিলে মোক "তোক কেনেকুৱা ছোৱালী লাগিব ঔ পাপু।" মই কি জানো তেতিয়া এইবিলাক কথা- সংলাপ মনত আছিলেই তাকেই সোঁৱৰি কৈ দিলো " এই গাখীৰত সেন্দুৰ মিহলালে যে গোলাপী ৰং এটা উঠে তেনে ৰংৰ ছোৱালী লাগিব মোক" হাঁহিৰ গির্জনি উঠিল ঠাইতে।  মোৰ এই কথাষাৰে যেন কিবা কম্পিটিছনহে লৈ আনিল ভন্টিৰ মনলৈ। সেই হাঁহিৰ মাৰ নৌ যাওতেই ভন্টিয়ে দিলে নহয় খুৰাক সুধি- “পিছে ছোৱালীয়ে তোৰ পেট পাওক বা নাপাওক তই পিচে ছোৱালীৰ পেট পাইছনে নাই”  তাকো একেবাৰে ধাৰাবাহিকখনৰ স্টাইল’ত। খুৰাই কি ক’ব আৰু। ঠাইতে মেহেঙা মেহেঙ কৰিলে। আকৌ হাঁহিৰ ৰোল উঠিল।

পিছে সকলো কথাতে যে এই সংলাপ বিলাক ব্যৱহাৰ কৰিব নালাগে এদিন ভালকৈয়ে বুজি পালো। এদিন দেউতাৰ লগৰ এজন আহিছিল আমাৰ ঘৰলৈ। চৰাঘৰতে দেউতাৰ কাষতে বহি ময়ো তেওলোকৰ কথা বার্তা শুনি আছিলো।  মায়ে চাহৰ প্লেট লৈ ভিতৰৰপৰা ওলাই আহিল।
অলপ সৌজন্যমূলক কথা বার্তা হোৱাৰ পাছত মাক দেউতাৰ লগৰজনে ক’লে- “বৌ ছোৱালী এজনি চাবছোন। “
"কি এই মানুহজনে বিয়া কৰোৱাই নাই -- মোৰ মনত প্ৰশ্ন জাগি উঠিল" মোৰ সেই শিশু মনত তেনে প্ৰশ্ন উদয় হোৱাতো  বোধহয় বৃকোদৰ বৰুৱাৰ বিয়া চোৱাৰেই ফল।  

মোৰ মুখৰপৰা ওলাইয়েই গ’ল নহয় – “কিয় আপুনি বিয়া কৰোৱাই নাই নেকি?” 
ভাবিলো উত্তৰত চাগে মানু্হজনে ক'ব - " নাই । মানে বিয়া কৰিবৰ বয়সো হোৱা নাইতু।"

নাই মানুহজনে তেনে একো নকলে কিন্তু মোৰ কথাষাৰত মানু্‌হজন অলপ যেন অপ্ৰস্তুত হৈ পৰিল।  মা দেউতাৰ হঠাৎ গহীন হৈ পৰা মুখকেইখন দেখি গম পালো যে মোৰ অৱস্হাটো ছোৱালীৰ ঘৰত বৃকোদৰে চেনি দিয়া চাহ খাবলৈ গৈ ৰাস্তাত লোকৰ মাৰ কিল খাই বালি খোৱাৰ নিচিনা পৰিস্হিতিলৈ ধাৱমান হৈছে।পাছত গম পালো তেখেতে তেখেতৰ ভায়েকলৈহে এজনী ছোৱালী চাবলৈ কৈছিল।

আলহী যোৱাৰ পাছত মোৰ পিঠিত ডবা পৰিল। ভন্টিয়ে তেতিয়া আলহীয়ে লগত লৈ অনা  ৰসৰাজ হোটেলৰ ডাঙৰ ৰসগোল্লা এটাৰ সোৱাদ লোৱাত ব্যস্ত। 

( এতিয়াও ভন্টি আৰু মই ফ'নত কথা পাতিলে পার্য্যমানে যত্ন কৰো এই অঘোষিত কম্পিটিচন অক্ষুণ্ণ ৰাখিবলৈ) 

Thursday, June 6, 2013

প্ৰথম মঞ্চ আৰু মই

সৰুৰেপৰাই মঞ্চত উঠিবলৈ ভীষণ ভয় লাগিছিল। মঞ্চৰ কথা কলেই মোৰ হাত ভৰি কপিবলৈ লৈছিল। মুখেৰে মাত-বোল ওলোৱা বন্ধই হৈ গৈছিল বুলি ক'ব পাৰি। নিজে মঞ্চত থিয় দিয়াতকৈ মই দূৰৈৰপৰা আনৰ পৰিবেশন চাইহে ভাল পাইছিলো।

   প্ৰথম শ্ৰেণীত পঢ়ি আছো তেতিয়া। শিল্পী দিৱস উপলক্ষে দিনজোৰা কার্য্যসূচী হাতত লোৱা হৈছিল। ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান। বিদ্যালয়ৰ চাৰ-বাইদেউসকলে আমাক কলে যে আমি হেনো গীত পৰিবেশন কৰিব লাগিব ৰাতিৰ সাংস্কৃতিক অনুষ্ঠানত। প্ৰকৃতার্থত আমি শিশুসকলে পৰিবেশন কৰা " গছে গছে পাতি দিলে ফুলৰে শৰাই" গীতটিৰেই ৰাতিৰ অনুষ্ঠান আৰম্ভ হ'ব।

   কথামতেই কাম। শিল্পী দিৱসৰ ১৫ দিন আগৰেপৰাই স্কুললৈ এজন গানৰ মাস্টৰ আহিবলৈ ললে। বগা ধকধকীয়া এম্বেচাদৰ এখনত দুপৰীয়া প্ৰায় ১১ মান বজাত ধুনীয়া বগাকৈ মানুহজন আহে। লগত লৈ আনে এখন হাৰমনিয়াম।

 শ্ৰেণীকোঠাৰ চাৰ-বাইদেউৰ টেবুলত হাৰমনিয়াম থৈ গানৰ মাস্টৰে আমাক গানটো কেনেকৈ গাব লাগে শিকাই দিলে। সকলোৱে একেস্বৰে হাৰমনিয়ামৰ লগত সুৰ মিলাই গোৱাত লাগিল-

   "গছে গছে পাতি দিলে
    ফুলৰে শৰাই,
    ৰাম ৰাম ফুলৰে শৰাই
    ফুলৰে শৰাই….
    ফুলৰে শৰাই…."

 গানত মোৰ একেবাৰে ৰাপ নাছিল। ঘৰত গান নুশুনা নহয় মা দেউতাই। কিন্ত পূজাত কিনা পুতলা গাড়ীকেইখনৰ ম্যাদ উকলিলে গানৰ কেচেট কেইটাৰ বাকছকেইটাৰে মই বিচনাত গাড়ী গাড়ী খেলাতেই গানৰ লগত মোৰ সমন্ধ সীমাবদ্ধ আছিল।  কিন্তু গীত গোৱাতো ক্লাছৰ সকলোৰে বাবে বাধ্যতামূলক হোৱা বাবে বাকী ছাত্ৰ-ছাত্ৰীৰ লগত ময়ো সকলোৰে পাছত থিয় হৈ মুখেৰে ও আ কৰি থাকিলো। এনেকৈ ১০ দিনমান গ'ল। মোৰ কথা মই নাজানো কিন্তু একেলগে মিলি আমি সকলোৱে গীতটো ক'তো একো ভুল নকৰাকৈ গাবলৈ পৰা হ'লো। দুদিনমান ফাইনেল ৰিহার্চেল কৰাৰ পাচত আমাৰ প্ৰস্তুতি সম্পূর্ণ হৈ উঠিল। এতিয়া মঞ্চত উঠি সকলোৰে সম্মুখত গীত গাই প্ৰশংসা বুটলাহে কথা আৰু।

  সাংস্কৃতিক সন্ধিয়াৰ দিনা গধূলি পৰতে মায়ে সাজি কাচি উলিয়াই দিলে। বগা ছার্ট, বগা হাফ-পেন্ট, বগা মোজা আৰু পলিছ কৰা চিকমিকাই থকা জোতা। লগত মুখত জনছন এন্ড জনছনৰ টেলকাম পাউদাৰ। ধুনীয়াটো হৈ দেউতাৰ বাজাজ স্কুটাৰত উঠি মাৰে সৈতে অনুষ্ঠানথলী পালোগৈ। দেখিলো মোৰ লগৰ বেছিভাগেই ইতিমধ্যেই আহি তাত উপস্হিত হৈছেহি। অলপ পৰৰ পাছত স্কুলৰ চাৰে আহি আমাক কলেহি যে অলপ সময়ৰ পাছতেই অনুষ্ঠান আৰম্ভ হ'ব। সকলোকে ৰেদি হৈ থাকিবলৈ কলে।

  তেতিয়ালৈকে ঠিকেই আছিল। মাৰ সৈতে মই তেতিয়া গ্ৰীণ ৰুমত। দেউতা হয়তো লগৰ এজনৰ দেউতাকৰ লগত কথা পতাত ব্যস্ত। এপাকত মোৰ লগৰ মাধূর্য্যই মোক ক'লে -"ঐ ব'ল মঞ্চতো চাই আহোগৈ বল।

ময়ো ভাবিলো দেখা যাওক কেনে লাগে মঞ্চৰপৰা চাই, আজিলৈকে মঞ্চত উঠি পোৱা নাই- মাক তাতে মোলৈ ৰবলৈ কৈ মই তাৰ লগত আহি মঞ্চৰ দুৱাৰমুখ পালোহি। কেইবাজনো গণ্য মান্য ব্যক্তি মঞ্চত সেইসময়ত উপস্হিত আছিল। ডিঙিত গামোছা লৈ থকা এজনে হাতত মাইক লৈ ভাষণ দি আছিল। বোধহয় সাংস্কৃতিক সন্ধিয়াৰ মুকলি কৰিছে। মাধূর্য্য আৰু মই মঞ্চৰ কাষৰ ক'লা পর্দাখনেদি আমাৰ মুৰকেইটা বাহিৰলৈ উলিয়াই দর্শকৰ ফালে চাই পঠিয়ালো-

  বাহিৰলৈ চাই যিহে দেখিলো মই তাতেই কপিবলৈ ধৰিলো। ৰভাতলিত ইমমান মানুহ। বক্তাৰ ভাষণৰ সামৰণি পৰাত সকলোৱে হাত চাপৰি মাৰিছে। মোৰ বুকু ধান বনাদি বানিবলৈ ধৰিলে। মই কি ইমানবোৰ মানু্হৰ আগত এতিয়া মঞ্চত উঠি গীত গাব লাগিব। তাতে মই যে গানটোও শুদ্ধকৈ গাব পাৰিম তাতো সন্দেহ আছে। কি কৰো এতিয়া মই।  সিদ্ধান্ত কৰিলো মই আজি আৰু গান নাগাও। কিন্তু সমস্যা হ'ল মাক লৈ। মাক কি বুলি কম এতিয়া। স্কুলৰ চাৰক বাৰু পাছত দেখা যাব। মাৰ এচাৰিক লৈহে ভয় লাগিল। ইমান কস্ট কৰি মোক সাজি কাচি উলিয়াই আনিছে। এতিয়া মই যদি মাৰ আশাত চেঁচা পানি ধালো মাৰ যদি খং উঠে। মাৰ খং উঠিলে ঘৰত গৈ যে আধুনিক গীত জুৰিব লাগিব তাত কোনো সন্দেহ নাই।

  মাৰ ওচৰ পাওগৈ মানে মোৰ পেটৰ বিষ আৰম্ভ হ'লেই। চুচুক-চামাককৈ মাৰ ওচৰ পালোগৈ। মোৰ শেতা পৰি যোৱা মুখখন দেখিয়ে মাৰ গা বাজিল। মোৰ ওচৰলৈ আহি কি হ'ল সুধিলে। পেটৰ বিষৰ কথা কবলৈ দেখোন মোৰ মাতটোৱে নোলোৱা হ'ল। মায়ে যেন মোৰ কথাটো গম পালে। ভয় লাগিছে নেকি সুধিলে। এইবাৰ আৰু ৰব নোৱাৰিলো। মই ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলো।

১৫ মিনিটমানৰ পাছত মই মা আৰু দেউতাৰ সৈতে ৰভাতলিত। লগৰ মাধূর্য্য,উপাসনাহ'তে মঞ্চত তেতিয়া গীত গাই আছে--

   "গছে গছে পাতি দিলে
    ফুলৰে শৰাই,
    ৰাম ৰাম ফুলৰে শৰাই
    ফুলৰে শৰাই….
    ফুলৰে শৰাই…."

মায়ে মোৰ চকুলৈকে চোৱা নাই। খং যে উঠিছে ভালকৈয়ে বুজি পালো। দেউতাৰ পাচে সেইবোৰৰ প্ৰতি একেবাৰে উদাসীন। মনে মনে অনুষ্ঠান উপভোগ কৰিছে। এই দেউতায়ে ভাল। অংক কৰিবলৈ দিয়া সময়খিনিৰ বাহিৰে বাকী সময়ত মোৰ সকলো দুখ বেদনা বুজি পায়।  ময়ো মা দেউতাৰ চকিৰ মাজত থিয় হৈ আঙুলি চুপি চুপি লগৰকেইটাৰ গীত পৰিবেশন চাই থাকিলো। মনতে প্ৰার্থনা - প্ৰভু আজিলৈ কিবা কৰি বচাই দিয়া আৰু --





Wednesday, June 5, 2013

ঘৰৰ পুখুৰীটো আৰু আমাৰ চাৰিওফালৰ পৰিবেশ



সিদিনা দিল্লীত বাছত এফালে গৈ থাকোতে ৰাস্তাৰ কাষত এখন ফলক দেখিলো ---
     "Third world war would be fought over water, Save water"

   আগৰ দিনত আমাৰ অসমৰ গাওসমূহত টিউবৱেল, ব'ৰৱেল আদি নাছিল বুলিয়েই কব পাৰি। আছিল ঘৰৰ আগফালে, পাছফালে ডাঙৰ সৰু পুখুৰী। সেই পুখুৰীৰ পানীৰেই ঘৰৰ পানীৰ প্ৰয়োজন পূৰণ হৈছিল। বেচিভাগ অঞ্চলতে সমূহীয়া পুখুৰীও আছিল। তাৰপৰাই গাঁৱৰ মানুহে পানী ব্যৱহাৰ কৰিছিল। গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে জাক পাতি পাতি কলহ ভৰাই ভৰাই পানী নিবলৈ অহা দৃশ্যটোও বৰ মনোৰম আছিল। বহুতে আকৌ সেই পানী অনা সময়খিনিলৈ বৰ আগ্ৰহেৰে বাট চাই থাকিছিল। প্ৰিয়জনক দেখাৰ আশাত, এষাৰ মাত দিয়াৰ আশাত। সেই পুখুৰীয়ে যে অকল তেঁওলোকৰ মনতেই যে আশাৰ সঞ্চাৰ কৰিছিল এনে নহয় চাৰিওফালৰ পৰিবেশ টো জীপাল কৰি ৰখাতো অতি গুৰুত্বপূর্ণ ভুমিকা লৈছিল। তদুপৰি গাঁৱত এক সৱল সামাজিক মূলধন (social capital) গঢ়াত এই সমূহীয়া পুখুৰীয়ে বিশেষ অৰিহণা আগবঢ়াইছিল বুলি ক'লে বঢ়াই কোৱা নিশ্চয় নহ'ব।

  কিন্তু সময়ৰ সোঁতত গাৱলৈ টিউবেল আহিল, ব'ৰৱেল আহিল। পুখুৰীৰ প্ৰয়োজন নাইকিয়া হৈ পৰিল। হাঁহ চৰিবলৈ আৰু মাছ কেইটামান পোহাৰ বাহিৰে পুখুৰীৰ প্ৰয়োজন নাইকিয়াই হ'ল বুলিব পাৰি।এতিয়া গাঁৱলৈ গলে আগৰ স্বচ্ছ-নিকা পানীৰ পুখুৰী এটা দেখিবলৈ পোৱাটো বিৰল। ঘৰে ঘৰে টিউবৱেল হ'ল।

  কিন্তু প্ৰশ্ন হয় এই টিউবৱেল, ব'ৰৱেল বিলাকৰ আমাৰ পৰিবেশ সংৰক্ষণত কিমান অৱদান আগবঢ়াইছে ? আজি ভাৰতৰ বেছিভাগ নগৰ-মহানগৰতেই পানীৰ অভাৱ এটা ডাঙৰ সমস্যা। ভূগর্ভৰ জলপৃষ্ঠ (ground water table) অতি দ্ৰুতগতিত হ্ৰাস পাইছে। ই অতি সঁচাকৈয়ে এটা চিন্তনীয় বিষয়। ইয়াৰ কাৰণ সেই একেই দ্ৰুতগতিত বাঢ়ি অহা টিউবৱেল আৰু ব'ৰৱেল।  ব'ৰৱেলে এটা সময়ত পঞ্জাৱ,হাৰিয়ানালৈ "গ্ৰিণ ৰিভলিউচন" লৈ আনিছিল। লগতে আনিছিল সকলোৰে বাবে অর্থনৈতিক উন্নতিৰ পথ। কিন্তু সেই একেই বৰৱেল আজি পঞ্জাৱ,হাৰিয়ানাৰ মূৰৰ কামোৰণি হৈ পৰিছে। দ্ৰুতগতিত হ্ৰাস পাইছে ভূগর্ভৰ জলপৃষ্ঠ। পঞ্জাৱ, হাৰিয়ানাৰ ভূগর্ভৰ জলপৃষ্ঠ আজি দেশৰ ভিতৰতে আটাইতকৈ কম বুলি বিশেষজ্ঞই মত পোষণ কৰিছে। কথা ইমানেই গুৰুত্ব পর্য্যায় পাইছেগৈ যে কিছু কিছু খাপ পঞ্চায়তে ধান খেতিত পানীৰ প্ৰয়োজন তুলনামূলক ভাবে বেছিকৈ দৰকাৰ হোৱা বাবে ধান খেতি কৰাত বাধা আৰোপ কৰিছে।

  বাংগালোৰ,মুম্বাই,দিল্লী আদি দেশৰ ডাঙৰ ডাঙৰ মহানগৰ বিলাকতো দিনক দিনে কমি অহা  ভূগর্ভৰ জলপৃষ্ঠ এক সমস্যা হিচাপেই পৰিগণিত হৈছে। ইয়াৰ কাৰণ চাৰিওফালে বাঢ়ি অহা ইমাৰতবোৰ।  বাংগালোৰত যোৱা তিনি বছেৰেই পানীক লৈ সৃষ্টি হোৱা এটা হাহাকাৰ অৱস্হা প্ৰত্যেক বছেৰেই দেখি আহিছো । স্হানীয় মানু্হৰ মতে বাংগালোৰৰ চাৰিওকাষে থকা আজি শুকাই যোৱা বিলবিলাক এটা সময়ত পানীৰে গোটেই বছৰ ধৰি উপচি থাকিছিল। অথচ আজি দেখিলে বিল বুলি ভাবিবলৈকে সন্দেহ হয়।

কিন্তু এই পুখুৰী, বিলবিলাকেই এটা সময়ত পৰিবেশ সংৰক্ষণত অতি গুৰুত্বপূর্ণ ভুমিকা লৈছিল। পুখুৰী,বিল আদিয়ে ভূগর্ভৰ জলপৃষ্ঠ বঢ়োৱাত সহায় কৰে। চাৰিওকাষৰ অঞ্চলটোত মাটিৰ আদ্ৰতা(moisture content) বঢ়ায় আৰু ই গছ-গছনি ডাঙৰ দীঘল হোৱাত সহায় কৰে। পাৰিস্হিতিক ভাৰসাম্য (ecological balance) ৰক্ষা কৰাতো এই পুখুৰী, বিলবিলাকৰ অৱদানৰ কথা নুই কৰিব নোৱাৰি। ভাৰতৰ বহুতো শুকান অঞ্চললৈ অভূতপূর্ব পৰিৱর্ত্তন অনাত এই পুখুৰীয়ে বিশেষ ভুমিকা গ্ৰহণ কৰিছে।

   এইক্ষেত্ৰত মহাৰাস্টৰ "হিৱাৰে বাজাৰ" গাঁৱৰ কথা উল্লেখ কৰিব পাৰি। নতুনকৈ গ্ৰহণ কৰা পানী সংৰক্ষণ আঁচনিয়ে এসময়ৰ খৰাং পৰিস্হিতি,দুর্ভিক্ষই লগ এৰা নিদিয়া এই গাঁৱলৈ এক অভূতপূর্ব পৰিবর্তন লৈ আনিল। ১৯৯৫ চনত এই গাঁৱৰ "পাৰ কেপিটা ইনকম" আছিল ৮৫০ টকা। আজি ই ৩০০০০ টকা। আজি এই একেখন গাৱতে ৬০ তকৈয়ো অধিক মিলিয়'নেয়াৰ আছে। অর্থনৈতিক উন্নতিৰ লগতে ‌ইয়াত গঢ় লৈ উঠিছে এক শক্তিশালি সমাজ ব্যৱস্হা। আজি এই গাঁৱৰ সামাজিক মূলধন (social capital) অতি প্ৰশংসনীয়। দেশৰ এক আদর্শ গাও হিচাপে এই গাঁৱে আজি ঠাই পাইছে।

( http://en.wikipedia.org/wiki/Hiware_Bazar আৰু https://www.youtube.com/watch?v=7bSd1zo-hZg  এই লিংক কেইটাত এই গাঁৱৰ পৰিৱর্ত্তনৰ সবিশেষ দিয়া হৈছে। পঢ়ুৱৈক বিশেষকৈ ভিডিঅ' টো চাবলৈ অনুৰোধ জনালো)

ঠিক তেনেদৰে মধ্যপ্ৰদেশৰ দেৱাশ গাঁৱৰ কথাও উল্লেখ কৰিব পাৰি। ভূগর্ভৰ জলপৃষ্ঠ কমি যোৱাত এটা সময়ত গাঁৱৰ টিউবৱেলেদি পানী ওলোৱা বন্ধ হৈ থাকিল। খেতি কৰিবলৈয়ো পানী নোহোৱা হ'ল। ফলত গাঁৱখনত সৃষ্টি হ'ল এক অভাৱনীয় পৰিস্হিতিৰ। গাঁৱখনলৈ নামি আহিল দুর্ভিক্ষ আৰু দৰিদ্ৰতা। শেষত উপায়হীন হৈ গাওবাসীয়ে আৰম্ভ কৰিলে পানী সংৰক্ষন আঁচনি। বৰষুণৰ পানী সংৰক্ষণ কৰিবলৈ ললে, ন ন পুখুৰী খান্দিলে গাঁৱ'ত। ইয়াৰ ফলো অতি সোনকালেই দেখা পোৱা গল। ভূগর্ভৰ জলপৃষ্ঠ অতি সোনকালেই বাঢ়ি আহিল। ফচল উৎপাদনতো অভুতপূর্ব বৃদ্ধি দেখা গ'ল। তাৰ পাছত আৰু দেৱাশবাসীয়ে পাছলৈ ঘূৰি চাবলগীয়া হোৱা নাই৷ এতিয়া আৰু দেৱাশ গাঁৱবাসীয়ে পানীৰ কাৰণে টিউবৱেলৰ ওপৰত নির্ভৰ কৰিবলগীয়া নহয়। খেতিৰপৰা আৰম্ভ কৰি খোৱা পানীটুপিলৈকে তেওলোক স্ব নির্ভৰশীল।
 (http://www.indiawaterportal.org/articles/death-tubewells-and-resurgence-ponds-video-jal-khets-irrigation-through-rainwater

 আজি ভাৰতৰ বহুতো অঞ্চললৈ এনেবোৰ পানী সংৰক্ষণ আঁচনিয়ে দীর্ঘস্হায়ী বিকাশ (sustainable growth) লৈ আনিছে যি সঁচাকৈয়ে এক যোগাত্মক দিশ। মানুহে টিউবৱেল, ব'ৰৱেল ব্যৱহাৰ কৰা বন্ধ কৰিছে। তাৰ সলনি পানীৰ উৎসৰ কাৰণে বৰষুণ,পুখুৰী, বিলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। কিন্তু আমি অসমলৈ চকু দিলে লক্ষ্য কৰিব পাৰো যে এনেবোৰ ব্যৱস্হা অসমত আমাৰ অতীজৰেপৰা আছিল। যি সময়ত বাকীবিলাক ৰাজ্যত পানীৰ উৎসৰ কাৰণে পুখুৰী,বিলৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে আমি আকৌ সেই একে সময়তে সেই উন্নত প্ৰণালীবিলাক কাটি কৰি মর্দাণ টিউবৱেল, ব'ৰৱেলৰ ফালেহে ঢাল খাইছো। কাকতালীয় ভাবে লগতে ক্ষয় গৈছে আমাৰ সামাজিক মূলধন (social capital)। এইক্ষেত্ৰত নিসন্দেহে আমি ভাৰতৰ আন আন ৰাজ্যত টিউবৱেল, ব'ৰৱেলৰ বহুল ব্যৱহাৰৰ পৰা উদ্ভৱ হোৱা পৰিস্হিতিৰপৰা শিক্ষা লোৱাৰ সময় আহি পৰিল।

  পানীৰ ক্ষেত্ৰত তুলনামূলকভাবে ভাৰতৰ বাকীবিলাক ৰাজ্যতকৈ অসমৰ অৱস্হা ভাল বুলিয়েই ক'ব পাৰি। কিন্তু ইয়াকে ভাবি আমি হাত সাৱটি বহি থকাৰ কোনো যুক্তি নাই। শীঘ্ৰেই প্ৰতিকাৰ নললে যে অসমতো যে এদিন পঞ্জাৱ,হাৰিয়ানাৰ দৰে অৱস্হা আহি পৰিব তাত কোনো সন্দেহ নাই। ভাল কথা এয়েই যে এই ক্ষেত্ৰত আমি চৰকাৰৰ মুখলৈ সহায়ৰ কাৰণে বাট চাই থাকিব নালাগে। মন থাকিলে অতি কম খৰছতে অলপ বিজ্ঞান সন্মত ভাবে এই পুৰণি প্ৰথাৰ পৰিবর্তন আনি আমি এনবোৰ ব্যৱস্হা নিজেই কৰি ল'ব পাৰো। অদূৰ ভবিষ্যতে আমাৰ গাঁৱবিলাকতো অতীজৰ এনেবোৰ উন্নত ব্যৱস্হাই পুনৰ গা কৰি উঠিব বুলি আশা ৰাখিলো।

(IIM'ত এটা বিষয় আছিল- Environmental Management । বিষয়টোত শিকা কথাৰে আৰু বাতৰি কাকতত দৈনিক পঢ়িবলৈ পোৱা বাতৰিকে সমল কৰি লেখাটি প্ৰস্তুত কৰা হৈছে। পঢ়ুৱৈলৈ বিশেষ অনুৰোধ- 'হিৱাৰি বাজাৰ" গাঁৱৰ ভিডিঅ' টো যেন চাবলৈ নাপাহৰে।)


Tuesday, June 4, 2013

বার্মুদা পেন্ট আৰু মোৰ বি এছ এ ডিলাক্স




ক্লাছ নাইনৰ কথা। নতুনকৈ মই চাইকেল এখন কিনিছিলো। BSA Deluxe । স্কুললৈ যাবলৈ দেউতাই কিনি দিছিল।মনত কি আনন্দ মোৰ। বৰ মৰমৰ চাইকেল আছিল মোৰ । সন্ধিয়া হ’লে মই চাইকেলখন চলাই ঘুৰি ফুৰিছিলো। সেই্সময়তে আমাৰ ঘৰত কাঠৰ কাম কাজ চলি আছিল। বেংগলী মিস্ত্ৰী আছিল। বয়সত মোতকৈ বেচি ডাঙৰ নহ’য়। যোগালি কেইজনো কিজানি আমাৰ লগৰেই হ’ব। খুব জমিছিল আমাৰ লগত। কেতিয়াবা কেতিয়াবা আজৰি হ’লে কাঠৰ কাম কৰা যোগালি কেইজনেও মোক লগ দিছিল চাইকেলৰ এই সান্ধ্যভ্ৰমণত। 

ভাদ মহীয়া সন্ধিয়া এটাৰ কথা। সেইদিনা আমাৰ ঘৰৰ শৰাই দিছিল নামঘৰত। স্কুলৰ পৰা আহি ভাত কেইটা খাই অলপ জিৰাই ললো। গৰম বাৰুকৈয়ে পৰিছিল সেইদিনা। গৰমৰ বাবেই মিস্ত্ৰীয়ে কাঠৰ কাম অলপ সোনকালেই সামৰিলে সেইদিনা। 

সন্ধিয়াৰ আগে আগে ওলালো চাইকেল লৈ মই । লগত সমবয়সীয়া কাঠৰ কাম কৰা যোগালিজন। সাধাৰণতে চাইকেল ময়েই চলাও। লগৰজন বহিহে যায়। সেইদিনাখনো একো ব্যতিক্ৰম হোৱা নাই।
গৰমৰ দিন বাবে পিন্ধনত পাতল টি ছার্ট আৰু নতুনকৈ কিনা এটা বার্মুডা পেন্ট। গৰমৰ দিনত খুব ভাল লাগে মোৰ বার্মুদা পেন্ট পিন্ধি। বতা্হৰ ফ্ৰী ইনফ্ল’ আউটফ্ল’ৱে ভালেমান সকাহ দিয়ে উৎকট গৰমৰপৰা।

আমি প্ৰথমেই তিনিআলিৰ ফালে গ’লো। ৰা্স্তাত মানুহৰ ভিৰ। সন্ধিয়াৰ লগে লগে অফিছ-কাছাৰি,বজাৰৰপৰা ঘৰমুখি হৈছে মানু্হবোৰ। 

তিনিআলিতে পাণ দোকান এখনৰপৰা যোগালিজনে জর্দা পাণ এখন কিনিলে। লগতে মোকো মিঠা পাণ এখন কিনি দিলে। পাণ খাই মুখ ৰঙা কৰি এইবাৰ আমি ঘৰমুৱা হ’লো। আনকালে হোৱাহলে তিনিআলিতে অলপ ৰৈ মানু্হৰ ৰেহৰূপ চালোহেতেন। পাছে সেইদিনা নামঘৰৰ মাহ-চাউল খোৱাৰ লোভত সোনকালেই ঘৰলৈ উভতিলো। সেয়েহে চাইকেলৰ পেদেলো চাগে সেইদিনা অলপ জোৰকৈয়ে মাৰিছিলো। বতাহ সোমাই মোৰ বার্মুদা পেন্ট পূজাৰ বেলুন ফুলাদি ফুলি উঠিল। চাইকেল চলোৱাত মগ্ন হৈ থকা মোৰ কথাটো ধৰিবকে নহ’ল।

  এনেকৈ অলপদূৰ অহাৰ পাছত চাইকেলৰ আৰোহি এজনক অতিক্ৰম কৰিবলগীয়া হ’ল। সেইসময়তে ওলোটা দিশৰপৰা চেঙেলীয়া ল’ৰাৰ জাক এটা আহি আছিল। ৰাস্তাটোৰ বেছিভাগ অংশই তেওলোকৰ কব্জাত। চাইকেলেৰে সন্মুখত গৈ থকা মানু্হজনক অতিক্ৰম কৰিবলৈ ঠাই নাই বুলিবই পাৰি।যেনে তেনে চাইকেল এখন পাৰ হোৱাৰ ঠাই আছে যেন মোৰ অনুমান হ'ল। চাইকেল আৰোহিজনক  অতিক্ৰম কৰিব পাৰিম বুলি ভাবি মই ব্ৰেক মৰাৰ সলনি গাত লাগো নালাগোকৈয়ে মানুহজনৰ কাষেদিয়েই চাইকেলখন আগবঢ়াই নিলো।

 মানু্হজনক এই পাৰ হও হও হৈছে আৰু। এনেতে জোৰকৈ শব্দ এটা শুনা পালো।
 ---ফেৰেক-------
লগতে এনে লাগিল কোনোবাই যেন আমাক পিছ ফালে টানিছে। ঘুৰি চাই দেখিলো এইমাত্ৰ পাৰহৈ অহা মানু্হজন দেখোন চাইকেলৰপৰা পকা ৰাস্তাটোতে লুটি খাই পৰিল আৰু প্ৰায় ১০ মিটাৰ মানেই আমাৰফালে চুচঁৰি আহিল। লগা লগ চাইকেল ৰখাই আমি দুয়োটা মানুহজনৰ ওচৰ পালোগৈ। চিনি পালো। আমাৰ ঘৰৰ ওচৰতে তেওৰ ঘৰ। হাতৰ কিলাকুটি আৰু ভৰিৰ আঠুত তেও ভালকৈয়ে থেতালি খাইছে। অলপ অলপ তেজ নিগৰি আহিল। পৰাৰপৰা উঠি মোলৈ তেও যেনেকৈহে চালে মোৰ বুজিবলৈ বাকী নাথাকিল যে এই ঘটনাৰ মুল নায়ক ময়েই মানে।

   তেতিয়াহে মন কৰিলো যে মোৰ মৰমৰ বার্মুদা পেন্টটো বাওফালে সোমাজতে দুফালকৈ ফতা দেখোন। মানুহজনৰ পুৰণা চাইকেলখন পৰাৰ পৰা উঠাই দিওতেহে মন কৰিলো যে চাইকেলখনৰ আগ ব্ৰেকদালৰ মুৰটো হেন্দেলদালতকৈ অলপ বাহিৰলৈ ওলোৱা। পুৰণা কিছুমান বুঢ়া চাইকেলত এই বিষংগতিতো প্ৰায়েই দেখা যায়। এতিয়া মানুহজনৰ চাইকেলখনতো বিষংগতিটো দেখি অলপ আগতে কি হ’ল বুজিবলৈ বাকী নাথাকিল আৰু মোৰ । তেওৰ গাত লাগো নালাগোকৈ পাৰ হওতে বতাহত বেলুন ফুলাদি ফুলি উঠা মোৰ বার্মুদাটোৰ বাউফালটো তেওৰ চাইকেলৰ বাহিৰলৈ ওলাই থকা সেই আগ ব্ৰেকেদি সোমাই গৈছিল আৰু আমি দেখি থকা এই ঘটনাতো তাৰেই পৰিণতি। আমি দুজন আছিলো আৰু আমাৰ স্পীদো অলপ বেচি আছিল বাবে আমাৰ ভৰবেগ মানু্হজনতকৈ যথেষ্ট বেচি আছিল।সেয়েহে আমাৰ একো নহ’ল।
 মানুহজনে চিনি পাই মোক একো নকলে ।ঘৰলৈ যাবলে কলে। ময়ো মনে মনে আহি ঘৰ সোমালোহি। যোগালিজনক কলো কথাটো যাতে কাকো নকয়। কাকো একো নোকোৱাকে আমি মনে মনে প্ৰসাদ খোৱাত লাগিলো। 

 অলপ সময়ৰ পাছত মোক দেউতাই বাহিৰলৈ মাতি পঠিয়ালে। যি ভয় কৰি আছিলো সেয়াই হ'ল।ওলাই গৈ দেখিলো সন্মুখত এইমাত্ৰ মই পেলাই থৈ অহা মানু্হজন। দেউতাক সকলো কথা কৈ আছে। মই একোকে কবলৈকে নাপালো। গালত দেউতাৰ এটা প্ৰচন্ড চৰ পৰিলেহি । লাজতেই নে শোকতেই হওক কব নোৱাৰো মই চকুৰ পানীৰে বাট নেদেখা হৈ গলো। প্ৰায় দৌৰাৰ নিচিনাকৈয়ে ভিতৰলৈ সোমাই আহিলো। প্ৰসাদ আধা খোৱাকৈয়ে এৰিলো।

(সেইদিন ধৰি আজিলৈকে মই বামুর্দা পেন্ট পিন্ধি চাইকেল চলোৱা নাই)