যাত্ৰী
..যোৰহাট যোৰহাট খালিগাড়ি খালিগাড়ি”
যোৰহাটলৈ যাবলগীয়া বাছখনৰ দুৱাৰখনৰ কিনাৰতে ৰই হেন্দিমেনে চিঞৰি আছে । কোনোবাই বাছত উঠিবলৈ গলে আগভেটা দি গন্তব্যস্হান সোধিছে। ওচৰৰ ঠাইলৈ যোৱা যাত্ৰীয়ে যাতে বাছত উঠি চিট ব্লক কৰিব নোৱাৰে তাৰে কাৰনেই এই ব্যবস্হা।
যোৰহাটলৈ যাবলগীয়া বাছখনৰ দুৱাৰখনৰ কিনাৰতে ৰই হেন্দিমেনে চিঞৰি আছে । কোনোবাই বাছত উঠিবলৈ গলে আগভেটা দি গন্তব্যস্হান সোধিছে। ওচৰৰ ঠাইলৈ যোৱা যাত্ৰীয়ে যাতে বাছত উঠি চিট ব্লক কৰিব নোৱাৰে তাৰে কাৰনেই এই ব্যবস্হা।
দিগন্ত আগবাঢ়ি গল দুৱাৰখনৰফালে ।
ক’ত যাব?
“চাৰিং”
নাই আপুনি যাব নোৱাৰিব। তাত বাছ নৰয়
কি কোৱা হে। সদায় দেখোন গৈয়েই আছো ।
ক’ত যাব?
“চাৰিং”
নাই আপুনি যাব নোৱাৰিব। তাত বাছ নৰয়
কি কোৱা হে। সদায় দেখোন গৈয়েই আছো ।
নাই আমাৰ বাছ চাৰিংত নাৰাখে।
“নাৰাখে মানে? আমি এতিয়া কি খোজকাঢ়ি
যাম নেকি? সদায় দেখোন দেখিয়ে আহিছো তাৰপৰা যাত্ৰী
লৈ যোৱা। হ’ব দিয়া মই বাৰু চিট নলও ঠিয় হৈয়ে যাম।“
নাই নাই আপুনি যাব নোৱাৰিব। পাছৰ বাছখনত আহক।
“এহেতৰ অতপালি দিনক দিনে বাঢ়ি আহিছে দেই। আমিবোৰ কি মানুহ নহয়নেকি ? যোৰহাটলৈ যোৱাবোৰ হে মানুহ।“ দিগন্তৰ খং উঠি আহিল। যোৰহাটলৈ যাবলগীয়া দুজনমান যাত্ৰীয়ে যেন একোৱেই হোৱা নাই এনে ভাৱত তাৰ কাষেদিয়েই গৈ বাছত উঠিলগৈ। তাৰ এনে লাগিল যেন তাৰ ইজ্জত চব মাটিত মিহলি হৈ গল। বিশেষকৈ দুৱাৰৰ কাষৰ চিটটোত বহি থকা ছোৱালীজনীৰ আগত বৰ লাজ পালে সি।
“এইবাৰ অকনমান জোৰকৈয়ে সি সকলোৱে চিঞৰি শুনাকৈ ক’লে – ঠিক আছে। দেখিবি কিন্তু কেনেবাকৈ যদি তাত বাছ ৰখোৱা দেখা পাও কথা কিন্তু বেয়া হ’ব। মানুহ বাছ ছব গুৰা কৰিম ভাঙি বা্পেক্কে।চিনি পোৱা নাই মোক।
নাই। হেন্দিমেনজনে যেন নুশুনিলেই তাৰ কথাষাৰ। বেপৰোৱা ভাবত চিঞৰি থাকিল “য’ৰহাট, যোৰহাত, খালিগাড়ী,খালিগাড়ী..
পুলিছৰ সাজ পিন্ধা মানু্হ এজন দুৱাৰৰ ওচৰলৈ আগবাঢ়ি আহিল। মানুহজনক দিগন্তই চিনি পায়।প্ৰায়েই একেলগে যায়।একেটা স্টপেজ’তে নামে তাৰ সৈতে। পাছে সি আজিলৈকে কথা পাতি পোৱা নাই। পুলিছত কাম কৰা বাবেই বোধহয় তেখেতৰ বিশেষ অসুবিধা নহল বাছত উঠাত। হেন্দিমেনে মুখেৰে টু এটাও নকৰিলে ।
“ছেহ চিনাকি থকাহ’লে মইয়ো তেওৰ লগতে যাবগৈ পাৰিলোহেতেন। সেইকাৰনেই এই নেটৱর্কবোৰ লাগে।“ মুখৰ ভিতৰতে দিগন্তই ভোৰভোৰালে।
হঠাৎ কিবা এটা মনত
পৰাত তাৰ আপোনা আপুনি মুখত হাঁহি বিৰিঙি উঠিল।হেন্দিমেনৰ লগত কাজিয়া কৰা বাদ দি এইবাৰ সি অলপ আতৰি মনে মনে ৰৈ
থাকিল বাছৰ কাষতে। মুখত মিচিক মাচাক হাঁহি কিবা বুজি পোৱাৰ আনন্দত।
বাছখন স্টার্ট দিয়াৰ লগে লগে দিগন্ত
আকৌ আহিল উঠিবলৈ। হেন্দিমেনৰ সেই একেই আগৰ উত্তৰ “নহব।বাছ নৰয় চাৰিংত। এইবাৰ দিগন্তৱে
অলপ গহীনাই কলে “ চাৰিংত বাছ নৰখাই যেতিয়া মই যোৰহাটলৈকে যাও। কিন্তু চাবি যদি বাছ চাৰিংত ৰাখে তেন্তে মই তাতে নামি দিম। নহলে মোৰপৰা যোৰহাটলৈকে ভাৰা লৈ ল’বি।
হেন্দিমেন, কন্ডাক্টৰে আৰু কি কব –
আকৌ চিঞৰাত লাগিল .. যোৰহাট যৰহাট..
খালিগাড়ি খালিগাড়ি
No comments:
Post a Comment