Friday, May 24, 2013

চাইকেল আৰু মিঠাই

ক্লাছ ফাইভ’ত তেতিয়া মই। ওপৰত চিটত বহি চাইকেল চলাবলৈ নতুনকৈ শিকিছো আৰু। গতিকে চাইকেল চলাবলৈ পালে মোক আৰু একোকে নালাগে। কাৰোবাৰ মতে চাইকেল চলালে মই হেনো বতাহ যোৱাদি যাও।
 
জাৰৰ দিন ডিচেম্বৰ মাহ। মোৰ দাদাৰ M.E. বৃত্তি পৰীক্ষা চলি আছিল। চেন্টাৰটো আছিল শিৱসাগৰত, ঘৰৰ পৰা প্ৰায় ১২ কিল’মিটাৰ মান দূৰৈত। সেয়েহে পুৱা ৮ মান বজাত দেউতাই দাদাক স্কুটাৰখনত লৈ যায় পৰীক্ষা কেন্দ্ৰলৈ।

সেইদিনা পাছে দাদাৰ প্ৰবেশ পত্ৰ খন ঘৰতে থাকি গল। দাদা আৰু দেউতা যোৱাৰ পাছতেই মায়ে কথাটো গম পালে। মাৰ চিন্তা – কি কৰা যায় এতিয়া. এপাক’ত কিবা এটা চিন্তা কৰি মায়ে মোক প্ৰবেশ পত্ৰ খন দি কলে “তেল ডিপ’ত স্কুটাৰত তেল ভৰাই মানে তই এইখন দি থৈ আহ গৈ যা”

মায়ে কথাষাৰ কবলৈহে পালে। মাৰ কথাষাৰ সম্পূর্ণ হোৱাৰ আগতেই মই প্ৰবেশ পত্ৰৰ সৈতে মানুহ গেটৰ বাহিৰত। সেইসময়ত
আমাৰ ঘৰত চাইকেল নাছিল। কিবা দৰকাৰ হ'লেই ওচৰৰ বৰটা এজনৰ চাইকেলখন ব্যৱহাৰ কৰিছিলো। এতিয়াও বৰটাৰ চাইকেলখন আনিবলৈ ধাপলি মেলিলো।

বৰটাৰ ঘৰত কাকো কিবা কবলৈ মোৰ সময় নাছিল। মুঠতে বাৰান্দাত থৈ দিয়া চাইকেলখন ললো আৰু যিমান পাৰি জোৰত পেদেল মৰাত লাগিলো। তেতিয়া মই দুইদাল পেদেল ভৰিৰে ধুকি পোৱা নাছিলো। মাটি ছোৱা দূৰৰেই কথা। যি নহওক মুঠতে মই টিকা দাঙি দাঙি চাইকেলৰ পেদেল মাৰিছো আৰু। ডিচেম্বৰৰ সেই জাৰতো গালেদি ঘাম বৈ আহিল।

ঘৰৰপৰা তেল ডিপ’লৈ প্ৰায় ৮০০ মিটাৰ মানেই হয়। সৰু পকা ৰাস্তা। ট্ৰাক বা বাছ আহিলে ৰাস্তাৰপৰা নামিবলগীয়া হয়। ৰাষ্ট্ৰীয় ঘাইপথটোত যত ৰাস্তাটো লাগিছেগৈ তাৰপৰা ১০০ মিটাৰ মান দূৰলৈকে সৰু ৰাস্তাতোৰপৰা নামিবলৈ ঠাই নাছিল। ৰাস্তাৰ কাষটো এঢলীয়া আছিল আৰু তিনিআলিটোৰ সেইখিনিতে তলৰফালে হোটেল কেইখনমান আছিল। জাৰৰ দিনত ৰাতিপুৱা মানুহ আহি পুৱাৰ কোমল ৰ'দজাকৰ আমেজ লৈ হোটেলৰ চাহ’ৰ সোৱাদ লয়, কথা বতৰা পাতে।

সিদিনাখনো তাৰ ব্যতিক্ৰম হোৱা নাছিল। মানু্হবোৰ জুম পাতি চাহ খাইছে, দুই এজনে বাতৰি কাকত পঢ়িছে, কথা বতৰা পাতিছে। মইও তিনিআলিটো পাও পাও হইছোহি আৰু। কলৈকো চাবলৈ সময় নাই। চিন্তা কেৱল কেনেকৈ মই ডিপ’টো পাওগৈ. এনেতে দেখিলো ৰাষ্ট্ৰীয় ঘাইপথটোৰপৰা এখন ট্ৰাক ৰাস্তাটোলৈ সোমাই আহিছে। নদীপাৰৰ মাটি কঢ়িওৱা শক্তিমান ট্ৰাক। নদীৰ পানী শুকোৱাৰ পাছত জাৰৰ দিনত মাটিকাটি নিবলৈ প্ৰতেক বছৰে এই ট্ৰাকবোৰ আহে।

ট্ৰাকখনক বাট দিবলৈ মই চাইকেলৰ ব্ৰেক মাৰিলো। কিন্ত এয়া কি? ব্ৰেকদাল চোন চিগি থাকিল। সর্বনাশ !!! এতিয়া কি কৰা যায়। চাইকেল তেতিয়া তীব্ৰ বেগত। ভৰিয়ে মাটি্ও ঢুকি নাপাও। ৰাস্তাৰপৰা নামিলেও সম্মুখখন এঢলীয়া আৰু তলত দোকানকেইখন। যি কি নহওক মৰিবটো নোৱাৰি ট্ৰাকৰ তলত সোমাই.. উপাই নাপাই চাইকেল তলৰ দোকানৰপিনেই পোনাই দিলো। এঢলীয়া পাই চাইকেলৰ স্পীড কম হওক চাৰি বাহিলহে।  নামিবলৈ চেষ্টা কৰিলো যদিও চাইকেলৰ মানু্হ মই চাইকেলতেই থাকিলো। এটা ভৰি মাটিত আৰু আনটো চীট’ৰ ওপৰতেই থাকিল। চাইকেলখন ৰখাব নোৱাৰিলো। পোনে পোনে গৈ তলৰ হোটেলখনৰ মিঠাইৰে ভৰি থকা আলমাৰিটোতে চাইকেলখনে খুন্দা মাৰিলেগৈ।

চন চন চন... আলমাৰিৰ দুই তিনিখনমান কাচ ভাঙি গোটেই মিঠাই খিনিৰ ওপৰতে পৰিল।

ওচৰত যিমান মানুহ আছিল আহি মোৰ চাৰিওপিনে জুম বান্ধিলে্হি। ভাবিলো আজি হ’ল আৰু মোৰফালে। হোটেলৰ আলমাৰি ভাঙি দিছো যেতিয়া ভাল পিটন খাম চাগে এতিয়া। পাছে মালিকজনে একোকে নকলে। ভাগ্য ভাল আছিল। চিনাকি ল'ৰাবুলি মোক একো নকৰিলে। কিন্ত চাইকেলখন ৰাখি থলে আৰু মা বা দেউতাক দোকানলৈ পঠিয়াই দিবলৈ কলে।

ভয়তে কান্দি কান্দি অলপ সময় দোকানৰ সম্মুখতেই থিয় হে থাকিলো। চিন্তা মা’ক গৈ কি কম এতিয়া? প্ৰবেশ পত্ৰও দিয়া নহল। চাইকেলখনো লোকৰ। ভয়ত মোৰ অৱস্হা কাঢ়িল হৈ গল। তেনেতে অদুৰত দেখিলো মা খোজ কাঢ়ি মোৰফালেই আহি আছে। মায়ে ভাবিছিল যদি মই দেউতাক লগ ধৰিব নোৱাৰো তেন্তে মা বাছ’ত যাবগৈ টাওনলৈ প্ৰবেশ পত্ৰখন দিবলৈ। মাক দেখি মোৰ কিবা সৰগ ঢুকি পোৱা যেন লাগিল। দৌৰি গৈ মাৰ ওচৰ পালোগৈ আৰু কান্দি কান্দি মাক ঘটনাটোৰ কথা কলো।

মায়ে হোটেলৰ মালিকজনৰ লগত কথা পাতি মোক চাইকেলখন দি ঘৰলৈ পঠিয়াই দিলে। উভতি আহোতে গোটেই বাটতো চাইকেলখন ঠেলি ঠেলি আনিলো। চাইকেল’ত উঠাৰ সাহস আৰু মোৰ নহল। তেতিয়া আকৌ ভয় - দোকানত বাৰু বাছিলো কিবা কৰি কিন্তু ঘৰত বা আজি ৰাতিলৈ কি হয়, আধুনিক গীত গাবলগীয়া নহলেই হ'ল আৰু।

(এই ঘটনাৰ বহুদিন পাছলৈকে মই চাইকেল চলোৱা নাছিলো। এতিয়াও ঘৰলৈ গলে চিনাকি দাদা কেইজনমানে ধেমালি কৰি মোক সোধে আজিকালি মোৰ চাইকেলত ব্ৰেক লগোৱা আছে নে নাই?)

No comments:

Post a Comment