Thursday, May 23, 2013

কাজিৰঁঙা আৰু বেকৱাটাৰছ




শইকিয়া ফাষ্ট ফুড'ত সিহঁত কেইটাই চাউমিন খাই আছিল । সিহতকেইটা মানে নৱ,দীপ, পার্থ আৰু লাহন । বৰষুণ দি থকা বাবে আজি পুখুৰী পাৰৰ আড্ডা কেন্ছেল । সেয়েহে গোটেইকেইটা শইকিয়া ফাষ্ট ফুড'ৰ চাওমিনৰ সোৱাদ লোৱাত ব্যস্ত । সন্ধিয়া সময়। ৰেষ্টোৰাত ইমান এটা ভিৰ নাই। এচুকত এহাল ডেকা গাভৰু নিজৰ কথাত ব্যস্ত। কাষৰ টেবুলখনত চাৰিজনী ছোৱালী বহি কথাত মছগুল হৈ আছে। সম্ভৱ টিউছ'ন কৰি আহিছে।কাষত কিতাপৰ বেগ।

"অই নৱ তোৰ ক'র্চ কেতিয়া শেষ হ'ব?" হঠাৎ কিবা মনত পৰাত খোৱাৰপৰা মূৰ তুলি লাহনে নৱক সুধিলে-

"অহাবছৰৰ মার্চ'ত । কিয় কিবা আছিল নেকি?" খাই থকাৰেপৰাই নৱই উত্তৰ দিলে ।

"অ তেতিয়াহলে বেছি দিন নাই দেখোন । মই আকৌ ভাবিছিলো তই থাকোতেই কেৰেলাখন চাই আহিমগৈ । এবাৰ চাবলৈ মন আছে God's Own Country খন নো দেখিবলৈ কেনেকুৱা ?

নৱই ভাবিলে কথাটো বেয়া নহয় । যোৱা এটা বছৰত সি কেৱল assignment, PPT, Case studies ৰ পাছতেই দৌৰিলে। কলেজৰ ওচৰৰ দুই এখন ঠাই বাদ দি ভালকৈ কেৰেলাখন চোৱাই নহ'ল । এতিয়া যদি সিহঁত যায় সিহঁতৰ লগত সিও ফুৰিব পাৰিব। টার্মব্ৰেকত কলেজ ১০ দিনমান বন্ধ থাকে। তেতিয়াই সিহঁত আহিব পাৰে। কথাটো সি কবলৈহে পালে, লাহনে মবাই'লৰ কেলেন্ডাৰ উলিয়াই দিন ঠিক কৰাত লাগি গল।

লাহনৰ এই বেমাৰটো স্কুলৰেপৰা সিহঁতে দেখি আহিছে । কিবা এটা আইদিয়া তাৰ মুৰত খেলালে সি মানুহটো তাক লৈ ব্যতিব্যস্ত হৈ পৰে। এতিয়া কেৰেলা ভ্ৰমণৰ প্লেন সি সৰুসুৰাকৈ কৰি পেলালেই বুলি কব পাৰি। খোৱাৰ টেবুলতে সি তাৰ প্লেনৰ সৰু সুৰা এটা লেক্সাৰেই দি দিলে। হাউচ ব'ট, বেকৱাটাৰছ, নাওখেল আৰু যি য'ত জানে কেৰেলাৰ বিষয়ে।

আৰম্ভণিৰেপৰা মনে মনে চাও খাই থকা দীপে লাহনৰ কথা শুনি অলপ আমনি পালে। কিমাননো আৰু অনবৰতে কেপকেপাই থাকে এই লাহনতোৱে। এইবাৰ লাহনৰ মুখ বন্ধ কৰিবলৈকে সি নিজৰ মুখ খুলিলে "লাহন কাজিৰঙালৈ আজিলৈকে গৈ পাইছ?

"নাই যোৱা । তাতে কি হ'ল? ওলমি থকা চাও দুদালমান মুখেৰে টানি টানিয়ে লাহনে কলে ।

"প্ৰথমতে নিজৰ ঠাইখনকে ভালকৈ চাইচিতি লচোন। পাছত কেৰেলা বেঙেনাৰ কথা ভাবিবি , শেষৰফালে কথাষাৰত দীপে অলপ জোৰ দিয়েই ক'লে।

"ধেইত গোটেই জীৱন পৰি আছে কাজিৰঙা চাবলৈ। কিন্তু কেৰেলা ভ্ৰমণৰ এনে সুবিধা আকৌ কেতিয়া আহে কোনে জানে? আৰু হাতী গড় কেইটাতো দেখিবলৈ পাই থাকোছোন টিভিত । "It is time for the backwaters my friends" এক্সাইতমেণ্টত লাহনৰ মুখৰপৰা ইংৰাজী শব্দকেইটা অলপ ডাঙৰকৈয়ে ওলাল নেকি। কাষৰ টেবুলখনত বহি থকা ছোৱালীকেইজনীয়ে সিহঁতলৈ ঘুৰি চালে।

দীপে আৰু একো নকলে । আগৰদৰেই সি তাৰ মনোযোগ চাউমিন'ত দিয়াত লাগিল।

দীপৰ কথাষাৰে লাহনৰ মনত কেনে প্ৰতিক্ৰিয়া কৰিলে নৱই ধৰিব নোৱাৰিলে কিন্তু তাক যে ভালকৈয়ে আঘাত কৰিলে সি বাৰুকৈয়ে গম পালে। পঢ়াৰ কাৰণেই হওক বা চাকৰি সংক্ৰান্ততেই হওক নৱই ভাৰতৰ বিভিন্ন ঠাই দেখিছে ফুৰিছে । কিন্তু আজিলৈকে সি কাজিৰঙা খনকে দেখা নাই । দেশ বিদেশৰ পৰা ক'ত কিমান যে পর্য্যটক আহে কাজিৰঙালৈ । অথচ ঘৰৰ লৰা হৈও সি আজিলৈকে দেখা নাই কাজিৰঙাখন। গুৱাঁহাটীলৈ যাওঁতে দেখা হাই'ৱেৰ কাষৰ "এলিফেন্ট কৰিড'ৰ",টাইগাৰ কৰিড'ৰৰ ফলক কেইখনতে তাৰ কাজিৰঙা দর্শন সীমাবদ্ধ।

নাই কথাটো ভাল হোৱা নাই । নৱই ভাবিলে। এইবাৰ যাবলৈও বন্ধটো প্ৰায় শেষেই হ'ল । লাহনৰ কেৰেলা ভ্ৰমণতকৈ কাজিৰঙা দর্শন বেছি জৰুৰী । অহাবাৰ মাঘ বিহুত আহিলে কাজিৰঙালৈ পাক এটা যেনে তেনে মাৰিবই লাগিব। আজি ঘৰলৈ গৈয়ে মাক কথাটো কব লাগিব। ৰাজ্যিক পৰিবহনৰ বাছত সদায় দেখি থকা গড়টোৰ লাইভ ফ’ট নিজ হাতেৰে এইবাৰ লব লাগিব।কথাটো ভাবি নৱৰ মনতো কিবা ভাল লাগি গল। ফূর্ত্তিতে সি কাউন্টাৰত বহি থকা চিনাকি ৰাজুদালৈ চিঞৰি নতুন অডার্ৰ দিলে

"ৰাজুদা চাৰিটা গৰম গৰম শিংৰা আৰু চাৰিকাপ চাহ"

No comments:

Post a Comment